ওদালগুৰি, 30 ছেপ্টেম্বৰ :মঙলবাৰে সমগ্ৰ ৰাজ্যতে পালন কৰা হ'ব অসম আৰক্ষী দিৱস ৷ এই উপলক্ষ্যে ওদালগুৰি আৰক্ষীয়ে সোমবাৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰিছে আৰক্ষী দিৱসৰ কাৰ্যসূচী ৷ এই দিৱসৰ লগত সংগতি ৰাখি ওদালগুৰি আৰক্ষীয়ে অনুষ্ঠিত কৰে মিনি মাৰাথন প্ৰতিযোগিতা ৷ স্থানীয় শ্বহীদ বেদীৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাৰ সামৰণি পৰে ওদালগুৰি আৰক্ষী থানাত ৷
ওদালগুৰিত আৰক্ষী দিৱসৰ শুভাৰম্ভ : মাৰাথন প্ৰতিযোগিতাৰ আয়োজন
মঙলবাৰে সমগ্ৰ ৰাজ্যতে পালন কৰা হ'ব অসম আৰক্ষী দিৱস ৷ এই উপলক্ষ্যে ওদালগুৰি আৰক্ষীয়ে সোমবাৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰিছে আৰক্ষী দিৱসৰ কাৰ্যসূচী ৷ এই দিৱসৰ লগত সংগতি ৰাখি ওদালগুৰি আৰক্ষীয়ে অনুষ্ঠিত কৰে মিনি মাৰাথন প্ৰতিযোগিতা ৷
মাৰাথন প্ৰতিযোগিতা
39 মিনিট সময়েৰে দহ কিলোমিটাৰ পথ অতিক্ৰম কৰি পুৰুষৰ শাখাত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ সন্মান লাভ কৰে শিৱসাগৰৰ বিপুল চাতনামিয়ে ৷ আনহাতে, মহিলা শাখাত শ্ৰেষ্ঠ সন্মান লাভ কৰে মাজুলীৰ গীতা দলেই । উক্ত মাৰাথন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মায়ং কুমাৰ, উপ আৰক্ষী অধীক্ষক মইদুল ইছলামকে ধৰি বহু আৰক্ষী আৰু সেনা বিষয়াই ৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা সংস্কৃতিৰে সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰে ওদালগুৰি আৰক্ষীয়ে ।