ওদালগুৰি, 11 চেপ্তেম্বৰঃ ওদালগুৰিৰ ভালুকমাৰীত বুধবাৰে পুৱা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ ৷ চোকা অস্ত্ৰৰে ঘপিয়াই বৃদ্ধ পিতৃক হত্যা কৰিলে কুলাংগাৰ পুত্ৰই । বুধবাৰে পুৱা ২ নং ভালুকমাৰী গাঁৱৰ নবাৰণ নাৰ্জাৰী নামৰ ব্যক্তিজনক নৱম শ্ৰেণীত অধ্যয়ৰত পুত্ৰই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে । বাইক কিনি নিদিয়াৰ বাবেই পুত্ৰই পিতৃক হত্যা কৰাৰ সন্দেহ স্থানীয়ৰ ৷
বাইক কিনি দিব নোৱাৰাৰ বাবে পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ!
পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ ৷ পুত্ৰই বহুদিনৰ পৰা বাইক এখন কিনি দিবলৈ পিতৃক হেঁচা দি আছিল যদিও মাত্ৰ নৱম শ্ৰেণীত পঢ়ি থকা কিশোৰ পুত্ৰজনক বাইক কিনি দিবলৈ অমান্তি হৈছিল পিতৃ ৷
বাইকৰ বাবে পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ!
তথ্যানুসৰি, হত্যাকাৰী পুত্ৰই বহুদিনৰ পৰা বাইক এখন কিনি দিবলৈ পিতৃক হেঁচা দি আছিল যদিও মাত্ৰ নৱম শ্ৰেণীত পঢ়ি থকা কিশোৰ পুত্ৰজনক বাইক কিনি দিবলৈ অমান্তি হৈছিল পিতৃ ৷ যাৰ বাবে পথাৰত জংঘল চাফা কৰা লোহাৰ সঁজুলিৰে বৃদ্ধ পিতৃক মূৰত আক্ৰমণ কৰে । পৰিয়ালৰ লোকে ততাতৈয়াকৈ ৰৌতা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ব্যক্তিজনক ।
আনহাতে, ৰৌতা আৰক্ষীয়ে অভিযুক্ত কিশোৰজনক গ্ৰেপ্তাৰ কৰি এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত কৰে ৷
Last Updated : Sep 11, 2019, 7:45 PM IST