খেতি-পথাৰত সংযোগ কৰা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু মাতৃ-পুত্ৰৰ
বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰৰে পথাৰৰ কাষত থকা এটা নলাত পুত্ৰ ৰাজুৱে মাছ মাৰিবলৈ যোৱা সময়তে বিদ্যুৎস্পৃষ্ট হয় । সেই দৃশ্য প্ৰত্যক্ষ কৰাৰ লগে লগে পুত্ৰক ৰক্ষা কৰিবলৈ গৈ মাতৃ ফুলেশ্বৰীও একেডাল তাঁৰতে লাগি যায় ৷
ওদালগুৰি, 11 আগষ্টঃ ওদালগুৰিৰ খামটৌবাৰীত কৰুণ ঘটনা ৷ স্বামীয়ে সংযোগ কৰা বিদ্যুতৰ তাঁৰত লাগি মৃত্যু মাতৃ-পুত্ৰৰ ৷ নিহত ক্ৰমে ফুলেশ্বৰী ৰাজোৱাৰ আৰু ৰাজু ৰাজোৱাৰ ৷ উল্লেখ্য যে, ওদালগুৰিৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত খামটৌবাৰী নিবাসী নন্দ ৰাজোৱাৰ নামৰ লোকজনে খেতি পথাৰত গৰু ছাগলীৰ পৰা ৰক্ষা কৰিবলৈ সংযোগ কৰে বিদ্যুৎ ৷ বিদ্যুতৰ ওপৰৰে পথাৰৰ কাষত থকা এটা নলাত পুত্ৰ ৰাজুৱে মাছ মাৰিবলৈ যোৱা সময়তে বিদ্যুৎস্পৃষ্ট হয় । সেই দৃশ্য প্ৰত্যক্ষ কৰাৰ লগে লগে পুত্ৰক বচাবলৈ গৈ মাতৃ ফুলেশ্বৰীও একেডাল তাঁৰতে লাগি বিদ্যুৎপৃষ্ট হয় ৷ ফলত থিতাতে নিহত হয় মাতৃ-পুত্ৰৰ ৷ ঘটনাৰ সন্দৰ্ভত স্থানীয় ৰাইজে মাজবাট আৰক্ষীৰ আৰু বিদ্যুৎ বিভাগক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ সবিশেষ বুজ লয় ৷ লগতে মৃতদেহ দুটা আৰক্ষীয়ে উদ্ধাৰ কৰি যাৱতীয় কাম-কাজ সম্পন্ন কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।