অসম

assam

ETV Bharat / state

ওদালগুৰিত উদ্ধাৰ নগাঁওৰ যুৱকৰ মৃতদেহ

হত্যা কৰি গাতত পুতি থৈছিল শ্যামানন্দ নমস্য (১৮) নামৰ যুৱকজনক

হত্যাকাৰী যুৱক

By

Published : Mar 27, 2019, 7:56 PM IST

ওদালগুৰি, ২৭ মাৰ্চঃ ওদালগুৰিত গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ ৷ জিলাখনৰ কলাইগাঁও থানাৰ অন্তৰ্গত নাক্তিপাৰাত কলাইগাঁও আৰু টংলা আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো ৷ উদ্ধাৰ হোৱা মৃতদেহটো নগাঁও জিলাৰ শ্যামানন্দ নমস্য (১৮) বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷

হত্যাকাৰী যুৱক

কলাইগাঁওৰ বিকাশ দাস নামৰ যুৱকজন কিছুদিন পূৰ্বে চিনাকি সূত্ৰে নগাঁৱৰ শ্যামানন্দৰ ঘৰত ফুৰিবলৈ গৈছিল ৷ শ্যামানন্দৰ ঘৰৰ পৰাই দুয়ো ফুৰিবলৈ বুলি ওলাই আহিছিল আৰু তেতিয়াৰে পৰাই নিৰুদ্দেশ হৈ আছিল শ্যামানন্দ ৷ শ্যামানন্দৰ খবৰ নাপাই পৰিয়ালৰ লোকে চামগুৰি আৰক্ষীৰ কাষ চাপে ৷

হত্যাকাণ্ড

ঘটনা সন্দৰ্ভত চামুগুৰি থানাই তদন্ত আৰম্ভ কৰি ওদালগুৰি জিলাৰ টংলা থানাত যোগাযোগ কৰাত সকলো তথ্য ওলাই পৰে ৷ টংলা আৰক্ষীৰ আগত বিকাশে শ্যামানন্দক হত্যা কৰি পুতি থোৱা বুলি স্বীকাৰ কৰে ৷ কলাইগাঁও আৰু টংলা আৰক্ষীয়ে বুধবাৰে বিকাশক লগত লৈ অভিযান চলাই কলাইগাঁওৰ নাক্তিপাৰাৰ পৰা পুতি থোৱা শ্যামানন্দৰ মৃতদেহটো উদ্ধাৰ কৰে ।

স্থানীয় যুৱক

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ লগতে শ্যামানন্দৰ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ অৱশ্যে এতিয়ালৈকে হত্যাকাণ্ডৰ কাৰণ পোহৰলৈ অহা নাই যদিও আৰক্ষীৰ তদন্তত স্পষ্ট হৈ পৰিব সকলো কথা ৷

হত্যাকাৰী যুৱক

ABOUT THE AUTHOR

...view details