অসম

assam

ETV Bharat / state

আলফা স্বাধীনৰে জড়িত থকাৰ সন্দেহত যুৱকক তিনিদিনৰ আৰক্ষী জিম্মালৈ

টঙনা পুলিচে যুৱকজনক তিনিচুকীয়া বিশেষ ন্যায়ালয়ত ভৰ্তি কৰাই তিনিদিনৰ বাবে আৰক্ষী জিম্মাত লয়

আলফা স্বাধীনৰে জড়িত থকাৰ সন্দেহত যুৱকক তিনিদিনৰ আৰক্ষী জিম্মালৈ

By

Published : Jun 10, 2019, 10:45 PM IST

শদিয়া,10 জুনঃ কাকপথাৰৰ টঙনা থানাৰ অন্তগত চেঙাপথাৰত আলফা(স্বা)ৰ লগত যোগাযোগৰ থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা যুৱকক তিনিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কাৰ হৈছে ৷ কাকপথাৰৰ চেঙাপথাৰ ৰিদিপ নেওগ ওৰফে ৰন্টু(36) নামৰ যুৱকজন কালি ভাৰতীয় সেনা আৰু টঙনা পুলিচৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ টঙনা পুলিচে যুৱকজনক তিনিচুকীয়া বিশেষ ন্যায়ালয়ত ভৰ্তি কৰাই তিনিদিনৰ বাবে আৰক্ষী জিম্মাত লয় ৷ আলফা(স্বা) ৰ লগত যোগাযোগ থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা যুৱকজনক টঙনা আৰক্ষীয়ে ব্যাপক জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, যুৱকজনৰ পৰা সেনা তথা আৰক্ষীয়ে দুটা আই ডি, ইলেক্ট্ৰনিক ডিটেনেটৰ, এটা ১২ভল্টৰ বেটাৰী, চাৰিটা মোবাইল ফন উদ্ধাৰ কৰিছিল ৷

আলফা স্বাধীনৰে জড়িত থকাৰ সন্দেহত যুৱকক তিনিদিনৰ আৰক্ষী জিম্মালৈ

ABOUT THE AUTHOR

...view details