অসম

assam

ETV Bharat / state

গৌৰাংগ দেৱৰ মুকলিৰ বাবে ৩৬ ঘন্টাৰ সময়সীমা প্ৰদান বেংগলী যুৱ-ছাত্ৰ ফেডাৰচনৰ

৩৬ ঘন্টীয়া সময়সীমাৰ ভিতৰত মুকলি কৰিব লাগিব অপহৃত গৌৰাংগ দেৱক ৷ অন্যথা জংগী আন্দোলনত নামিব তিনিচুকীয়া জিলাৰ বেংগলী যুৱ-ছাত্ৰ ফেডাৰচন ৷

সদৌ অসম বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচন

By

Published : Oct 16, 2019, 10:15 AM IST

তিনিচুকীয়া, 16 অক্টোবৰ:তিনিচুকীয়া জিলাৰ তালাপৰ শংকৰ চাহ বাগিছাৰ হেড ফিটাৰ গৌৰাংগ দেৱৰ অপহৰণৰ 5 দিন অতিক্ৰম কৰিলে যদিও বৰ্তমানলৈ কোনো শুংসূত্ৰ নাই অপহৃত দেৱৰ । উক্ত ঘটনা সন্দৰ্ভত মঙলবাৰে সদৌ অসম বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ এটা দলে শংকৰ চাহ বাগিছাৰ হেড ফিটাৰ গৌৰাংগ দেৱৰ পৰিয়ালক সাক্ষাত কৰে । দেৱৰ পৰিয়ালক সাক্ষাত কৰি বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনে চৰকাৰ তথা প্ৰশাসনক ৩৬ ঘন্টাৰ সময়সীমা বান্ধি দিয়ে ।

তিনিচুকীয়া জিলা

অপহৃত গৌৰাংগ দেৱক ৩৬ ঘন্টাৰ ভিতৰত সুস্থ শৰীৰে ঘূৰাই আনিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান ফেডাৰেচনটোৰ । অন্যথা ৩৬ ঘন্টাৰ পিচত সমগ্ৰ অসম ব্যাপি জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে সদৌ অসম বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনে ।

ABOUT THE AUTHOR

...view details