অসম

assam

ETV Bharat / state

ডুমডুমাত শতাধিক পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ সন্মিলিত সমাজৰ - বিতৰণ

ডুমডুমাত লক ডাউনৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ বাবে হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় ৷ তিনি শতাধিক দৰিদ্ৰ পৰিয়ালক সন্মিলিত সমাজে খাদ্য সামগ্ৰী বিতৰণ কৰে ৷

ETV BHARAT
ডুমডুমা শতাধিক পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ সন্মিলিত সমাজৰ

By

Published : Apr 18, 2020, 8:26 PM IST

ডুমডুমা, 18 এপ্ৰিলঃ তিনিচুকীয়া জিলাৰ ডুমডুমাত তিনি শতাধিক পৰিয়ালক সন্মিলিত সমাজে খাদ্য সামগ্ৰী বিতৰণ কৰে । লক ডাউনৰ নীতি নিয়ম মানি দুখীয়া পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে সন্মিলিত সমাজে ৷

ডুমডুমা শতাধিক পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ সন্মিলিত সমাজৰ

দেশজুৰি বলবৎ হৈ থকা লক ডাউনৰ ফলত সৰ্বসাধাৰণ ৰাইজ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ বাবে হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে ৷ ইতিমধ্যে চৰকাৰ প্ৰশাসন তথা ব্যক্তিগতভাৱেও কিছুলোকে দুখীয়া লোক সকলক সাহাৰ্য আগবঢ়ায় ৷ ডুমডুমা সন্মিলিত সমাজেও ডুমডুমা ৰাজহ চক্ৰ এলেকাৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ তিনি শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে । ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে প্ৰতিগৰাকী ব্যক্তিকে ঘৰতে থাকি নিজৰ লগতে পৰিয়ালক সুৰক্ষিত কৰিবলৈ আহ্বান জনায় সংগঠনটোৰ বিষয়ববীয়াই। দেওবাৰেও সন্মিলিত সমাজে জিলা খনৰ বিভিন্ন স্থানত দুখীয়া লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিব বুলি সন্মিলিত সমাজৰ সদস্যই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক- কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে সেনাই প্ৰস্তুত কৰিলে এপ

ABOUT THE AUTHOR

...view details