অসম

assam

ETV Bharat / state

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে মাৰ্ঘেৰিটাত 31 হাজাৰ লাডু বিতৰণ

ৰাম মন্দিৰ নিৰ্মাণৰ আধাৰশিলাক লৈ মাৰ্ঘেৰিটাত বিতৰণ কৰিলে 31 হাজাৰ লাডু ৷ মাৰ্ঘেৰিটা যুৱ সমাজৰ উদ্যোগত মাৰ্ঘেৰিটা কালীবাৰী মন্দিৰ প্ৰাংগণৰ পৰা যাত্ৰা কৰি বিতৰণ কৰা হয় এই লাডু ৷

Ram Mandir bhumi pujan
ৰাম মন্দিৰ নিৰ্মাণৰ বাবে মাৰ্ঘেৰিটাত 31 হাজাৰ লাডু বিতৰণ

By

Published : Aug 5, 2020, 10:11 PM IST

মাৰ্ঘেৰিটা, 4 আগষ্ট : সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই 5 আগষ্টত ৰাম জন্মভূমি অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন কৰা হ'ল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজ হাতে কৰিলে ৰাম মন্দিৰৰ শিলান্যাস ৷ ইফালে, ৰাম মন্দিৰ নিৰ্মাণৰ আনন্দত উৎফুল্লিত ৰাজ্যবাসী ৷

ৰাম মন্দিৰ নিৰ্মাণৰ আধাৰশিলাক লৈ মাৰ্ঘেৰিটাত বিতৰণ কৰিলে 31 হাজাৰ লাডু ৷ মাৰ্ঘেৰিটা যুৱ সমাজৰ উদ্যোগত মাৰ্ঘেৰিটা কালীবাৰী মন্দিৰ প্ৰাঙ্গণৰ পৰা যাত্ৰা কৰি লিডু, বৰগোলাই, মাৰ্ঘেৰিটা, পাৱৈ আদিত বিতৰণ কৰিলে ৩১ হাজাৰ বুন্দিয়া লাডু ৷

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে মাৰ্ঘেৰিটাত 31 হাজাৰ লাডু বিতৰণ

উল্লেখ্য যে, ৰাম মন্দিৰ আৰু বাবৰি মছজিদ নিৰ্মাণ বিবাদৰ অন্ত পেলাই উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰ নিৰ্মাণৰ ৰায় প্ৰদান কৰাত বুধবাৰে ভূমি পূজনত সমগ্ৰ দেশৰ লগতে মাৰ্ঘেৰিটাবাসীও উৎফুল্লিত হৈ পৰিছে ।

লগতে পঢ়ক : মালিগাঁৱৰ ৰাম মন্দিৰত বিশেষ পূজা অৰ্চনা

ABOUT THE AUTHOR

...view details