অসম

assam

ETV Bharat / state

আশ্ৰয় শিবিৰত দুৰ্বিসহ জীৱন বাঘজানবাসীৰ

বাঘজানৰ BGR-5 নম্বৰ তৈলখাদৰ জুই নিৰ্বাপনত ব্যৰ্থ বিশেষজ্ঞৰ দল ৷ বিগত প্ৰায় 4 মাহে আশ্ৰয় শিবিৰত দিন পাৰ কৰিবলগীয়া হৈছে বাঘজানবাসীয়ে ৷

By

Published : Aug 21, 2020, 3:42 PM IST

people suffering at Baghjan relief camps
আশ্ৰয় শিবিৰত দুৰ্বিসহ জীৱন বাঘজানবাসীৰ

তিনিচুকীয়া, 21 আগষ্টঃ আজিকোপতি নিৰ্বাপন হোৱা নাই বাঘজানৰ BGR 5 নম্বৰ তৈলখাদৰ জুই ৷ অইল ইণ্ডিয়া, ONGC ৰ লগতে বিদেশী বিশেষজ্ঞৰ দলে অহৰহ জুই নিৰ্বাপনৰ চেষ্ট অব্যাহত ৰাখিছে যদিও বাৰাম্বাৰ বিফল হৈছে বিশেষজ্ঞ ৷ আনহাতে, বিগত প্ৰায় 4 মাহে আশ্ৰয় শিবিৰতে দিন পাৰ কৰিবলগীয়া হৈছে বাঘজানবাসী ৷ কৰ’ণা মহামাৰীৰ সময়তো বাঘজানৰ কেইবাখনো বিদ্যালয়ৰ কোঠাতে দিন অতিবাহিত কৰিছে এইসকল ভুক্তভোগী ৰাইজে ৷

আশ্ৰয় শিবিৰত দুৰ্বিসহ জীৱন বাঘজানবাসীৰ

ইয়াৰ উপৰিও তৈলখাদৰ পৰা নিৰ্গত গেছে আশ্ৰয় শিবিৰত থকা লোকসকলৰ মাজত বিভিন্ন ৰোগৰ সৃষ্টি কৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ অইল ইণ্ডিয়াই জুই নিৰ্বাপনৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ প্ৰদানৰো আশ্বাস প্ৰদান কৰিছিল যদিও, সেই প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰতো বিফল হৈছে অইল ইণ্ডিয়া ৷ ইয়াকে লৈ এতিয়া ক্ষোভ উজাৰিছে বাঘজানবাসীয়ে ৷

লগতে পঢ়ক-ন্যায়ালয়ৰ নিৰ্দেশক আওকাণ কৰি অব্যাহত চোৰাং গৰুৰ ব্যৱসায়

ABOUT THE AUTHOR

...view details