শদিয়া : কাকপথাৰৰ সৰুমেচাই গাৱঁৰ দুজনকৈ যুৱকক হত্যা কৰাৰ চাৰি বছৰ পিছত পৰিয়ালৰ লোকে পালন কৰিলে আদ্যশ্ৰাদ্ধ ৷ 2012 চনৰ চেপ্তেম্বৰ মাহতেই ঘৰৰ পৰা নোহোৱা হৈছিল অচ্যুত ডেকা মৰাণ(30) আৰু প্ৰদ্যুৎ মৰাণ(18) নামৰ যুৱক দুজন ৷ ঘৰৰ পৰা নোহোৱা হোৱাৰ কেইবামাহমানৰ পাচতেই পৰিয়ালৰ লোকে আৰক্ষী আৰু ভাৰতীয় সেনাৰ পৰা খবৰ পাইছিল যুৱক দুজনে নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বা) ত যোগদান কৰাৰ বাতৰি ৷
2015 চনৰ পৰা বিভিন্নজনৰ পৰা পৰিয়ালৰ লোকে শুনিবলৈ পালে যুৱকদুজনক আলফা(স্বা)য়ে হত্যা কৰা বুলি ৷ কথাটো দুয়োখন ঘৰৰ পৰিয়ালে বিশ্বাস কৰা নাছিল যদিও চলিত বৰ্ষৰ এপ্ৰিল মাহৰ চাৰি তাৰিখত আত্মসৰ্মপন কৰা বৃন্দাবন নামৰ আলফা(স্বা) সদস্যজনৰ দিয়া খবৰে হত্যাৰ বাতৰিটো সত্যৰূপে পৰিয়াল দুটাই মানি লবলৈ বাধ্য হ'ল ৷ মৃত এজন যুৱকৰ পৰিয়ালৰ লগত ঘনিষ্ট সম্পৰ্ক থকা বৃন্দাবনে সেই সময়ত হত্যা কৰা বাতৰি দিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰে বুলি জনায় যুৱক দুজনৰ পৰিয়ালৰলোকে ৷ যুৱক দুজনক কিয় হত্যা কৰা হ'ল ? হত্যা কৰা বাতৰিটো সত্য নে অসত্য ? এইকথাটো স্পষ্ট কৰিবলৈ সদস্য দুজনৰ পৰিয়ালে আলফা(স্বা) মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক হাতযোৰ কৰি চৰণত ধৰি মাতৃ দুগৰাকীয়ে কান্দি কান্দি কাতৰ আহ্বান জনাইছে ৷