অসম

assam

ETV Bharat / state

জনতাৰ কাৰ্ফিউঃ জনশূণ্য কাকপথাৰ

সমগ্ৰ দেশৰ লগতে তিনিচুকীয়াৰ কাকপথাৰতো "জনতাৰ কাৰ্ফিউ"লৈ ৰাইজৰ সহযোগ ৷ 22 মাৰ্চত কাকপথাৰটো দেখিবলৈ পোৱা গ’ল জনশূন্য ৰাজপথ ৷

জনতাৰ কাৰ্ফিউ
জনতাৰ কাৰ্ফিউঃ জনশূণ্য কাকপথাৰ

By

Published : Mar 22, 2020, 5:48 PM IST

কাকপথাৰ, 22 মাৰ্চঃ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে কাকপথাৰতো "জনতাৰ কাৰ্ফিউ" লৈ ৰাইজৰ সহযোগ ৷ ২২ মাৰ্চৰ দিনটোত সমগ্ৰ দেশতে "জনতাৰ কাৰ্ফিউ" ঘোষণা কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰে মোডীয়ে ৷ প্ৰধানমন্ত্ৰী গৰাকীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই তিনিচুকীয়াৰ কাকপথাৰবাসীয়ে নিজ নিজ ঘৰতে সোমাই থাকে কাকপথাৰবাসী ৷ 22 মাৰ্চ দেওবাৰে সমগ্ৰ দেশতে অতি জৰুৰী কৰ্মত কৰ্মৰত ব্যক্তিৰ বাহিৰে কোনো লোককে ঘৰৰ পৰা বাহিৰলৈ নোলাবৰ বাবে আহ্বান জনাইছে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ সেইয়ে সমগ্ৰ দেশৰ লগতে দেওবাৰে কাকপথাৰটো দেখিবলৈ পোৱা গ’ল জনশূন্য ৰাজপথ ৷ বন্ধ কৰি ৰখা হৈছে সকলো দোকান-পোহাৰ ৷ কোনো লোকৰ গৃহৰ মূল গেট খনো সম্পূৰ্ণ বন্ধ কৰি ৰখা দেখিবলৈ পোৱা গ’ল ৷

জনতাৰ কাৰ্ফিউঃ জনশূণ্য কাকপথাৰ

উল্লেখযোগ্য যে, কাকপথাৰৰ গ্ৰামাঞ্চলটো কৰ'ণা ভাইৰাছৰ আতংকই বিৰাজ কৰিছে ৷ সেয়েহে কাকপথাৰৰ বিভিন্ন গাঁৱত দেওবাৰে মৰিশালি সদৃশ পৰিৱেশ দেখিবলৈ পোৱা যায় ৷ সকলোৱে কৰ'ণানাৰ পৰা ৰক্ষা পাবলৈ "জনতাৰ কাৰ্ফিউ" পালন কৰে বুলি জানিবলৈ দিয়ে সচেতন নাগৰিকে ৷

আৰু পঢ়কঃ কৰ'ণা ভাইৰাছৰ বাবেে ৰাইজক সজাগ কৰিবলৈ NDRF বিশেষ ভিডিঅ'

ABOUT THE AUTHOR

...view details