শদিয়া, 21 নৱেম্বৰ :চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মহাদেৱপুৰ কঠালগুৰিত শুকুৰবাৰে বিনামূলীয়া চিকিৎসা শিবিৰ স্থাপন কৰে চিআৰপিএফৰ 186 নং বেটেলিয়ানে ৷ উক্ত চিকিৎসা শিবিৰৰ জৰিয়তে স্থানীয় ৰাইজক সেৱা আগবঢ়াই সেনা চিকিৎসকে ৷ বহু লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে চিকিৎসা আৰু বিনামূলীয়া ঔষধো বিতৰণ কৰা হয় চিকিৎসা শিবিৰত ৷
অৰুণাচলৰ মহাদেৱপুৰত চিআৰপিএফৰ বিনামূলীয়া চিকিৎসা শিবিৰ
উক্ত চিকিৎসা শিবিৰত অৰুণাচল চৰকাৰৰ স্বাস্থ্য বিভাগকে ধৰি চিআৰপিএফ আৰু সেনা বাহিনীৰ অসম ৰাইফলছৰ চিকিৎসকে সেৱা আগবঢ়ায় ৷
অৰুণাচলৰ মহাদেৱপুৰত চি আৰ পি এফৰ বিনামূলীয়া চিকিৎসা শিবিৰ
উল্লেখ্য যে, উক্ত চিকিৎসা শিবিৰত অৰুণাচল চৰকাৰৰ স্বাস্থ্য বিভাগকে ধৰি চিআৰপিএফ আৰু সেনা বাহিনীৰ অসম ৰাইফলছৰ চিকিৎসকে সেৱা আগবঢ়ায় ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে চিআৰপিএফৰ 186 নং বেটেলিয়ানৰ কমাণ্ডেন্ট ৰাজীৱ কুমাৰকে ধৰি বহু কেইজন উচ্চ পদস্থ বিষয়া, তিনিজন চিকিৎসক আৰু বহুকেইগৰাকী স্বাস্থ্য কৰ্মী ৷
লগতে পঢ়কঃকোন হ’ব আছুৰ পৰৱৰ্তী সভাপতি, সম্পাদক