অসম

assam

ETV Bharat / state

ডুমডুমাত ব্ৰাউন চুগাৰসহ ৩ সৰবৰাহকাৰীক আটক

তিনিচুকীয়াৰ ডুমডুমাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । তিনিটা পৃথক স্থানত অভিযান চলাই ডুমডুমা আৰক্ষীয়ে ব্ৰাউন চুগাৰ জব্দ কৰে । লগতে এই ক'লা বেহাৰে জড়িত তিনিজন সৰবৰাহকাৰীকো আৰক্ষীয়ে আটক কৰে ।

Drugs peddler arrested in Doomdooma
ডুমডুমাত ব্ৰাউন চুগাৰসহ ৩ জন ব্যৱসায়ীক আটক

By

Published : Oct 6, 2021, 7:38 PM IST

শদিয়া, ৬ অক্টোবৰ : ৰাজ্যত পুনৰ জব্দ হ'ল নিচাজাতীয় দ্ৰব্য । বিগত কেইমাহমান ধৰি ড্ৰাগছ(Drugs)ৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আছে । তিনিচুকীয়া(Tinsukia) জিলাতো নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহকাৰীক নাকী লগোৱাৰ বাবে আৰক্ষীৰ অভিযান অব্যাহত আছে । জিলাখনৰ ডুমডুমা আৰক্ষীয়ে তিনিটা পৃথক স্থানত অভিযান চলায় ।

ডুমডুমাত ব্ৰাউন চুগাৰ জব্দ

গোপন সূত্ৰৰ পম খেদি ডুমডুমাৰ আৰক্ষী থানাৰ মুখ্য আৰক্ষী বিষয়া অসীম বড়াৰ নেতৃত্বত মঙলবাৰে নিশা শংকৰদেৱ কলনিৰ পৰা আকাশ পানিকা নামৰ এজন লোকৰ পৰা আৰক্ষীয়ে ৬ গ্ৰাম ব্ৰাউন চুগাৰ(Brown Sugar) জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে আকাশ পানিকাক আটক কৰি জেৰা চলায় । পিছত আকাশৰ স্বীকাৰোক্তিৰ ভিত্তিত বুধবাৰে কাকপথাৰ ২নং চেলেংগুৰী গাঁৱৰ গকুল নেওগৰ বাসগৃহত তালাচী চলায় আৰু ১২ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে । ইয়াৰ পাছত ডুমডুমা চহৰৰ জয়ৰাম গুপ্তাৰ ঘৰত অভিযান চলায় আৰক্ষীয়ে ।

এই অভিযানত ১৮ গ্ৰাম ব্ৰাউন চুগাৰ আৰক্ষীয়ে জব্দ কৰে ৷ আৰক্ষীয়ে তিনিওকে আটক কৰি জেৰা অব্যাহত ৰাখিছে । তিনিওজন সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে পৰা নগধ ধনো জব্দ কৰে ৷

ডুমডুমাত ব্ৰাউন চুগাৰসহ ৩ জন ব্যৱসায়ীক আটক

ইতিমধ্যে, ডুমডুমা আৰক্ষীয়ে তিনিওজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন জিলাত বৰ্তমান ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে । কিন্তু ইয়াৰ মাজতে একাংশ অসাধু লোকে কেইটামান টকাৰ বাবে এনে অবৈধ বেহা চলাই আছে । এইসকল লোকে নৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে ।

ড০ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ সময়তে ড্ৰাগছ মুক্ত অসম গঢ়াৰ কথা কৈছিল । মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মেই জিলা জিলাই প্ৰশাসনে অবৈধ ড্ৰাগছৰ বেহা বন্ধ কৰাৰ উদ্দেশ্যেৰে অভিযানত নামিছিল । এতিয়ালৈকে লাখ লাখ টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিছে অসম আৰক্ষীয়ে আৰু বহু সৰবৰাহকাৰীও আৰক্ষীৰ জালত পৰিছে । কিন্তু এতিয়াও একাংশই আৰক্ষীৰ চকুত ধূলি দি নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :ৰঙিয়াত আয়কৰ বিভাগৰ অভিযান

ABOUT THE AUTHOR

...view details