অসম

assam

পঞ্চায়তৰ কাৰ্যালয় স্থানান্তৰক কেন্দ্ৰ কৰি বিতৰ্কৰ সূত্ৰপাত

By

Published : Oct 7, 2020, 6:36 PM IST

তিনিচুকীয়া জিলাত এটা পঞ্চায়তৰ কাৰ্যালয় স্থানান্তৰকৰণক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ চামডাং গাঁও পঞ্চায়তৰ কাৰ্যালয় স্থানান্তৰক কেন্দ্ৰ কৰি বিতৰ্ক নকৰিবলৈ আহ্বান পঞ্চায়তখনৰ সভানেত্ৰীসহ ৱাৰ্ড সদস্যৰ ৷

Controversy erupts over panchayat office relocation tinsukia assam etv bharat news
কাৰ্যালয় স্থানান্তৰক কেন্দ্ৰ কৰি বিতৰ্ক

তিনিচুকীয়া,7 অক্টোবৰ: তিনিচুকীয়াৰ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত চামডাং গাঁও পঞ্চায়তৰ কাৰ্যালয় স্থানান্তৰক কেন্দ্ৰ কৰি সূত্ৰপাত হৈছে বিতৰ্কৰ ৷ অসম চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগৰ অনুমতি সাপেক্ষে পঞ্চায়তখনৰ পূৰ্বৰ বালিগাড়াৰ পৰা স্থানান্তৰ কৰি চামডাং হাইস্কুলৰ সমীপৰ চৰকাৰী ভূমিত নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ বিগত ৪ অক্টোবৰত ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেণ ফুকনৰ উপস্থিতিত স্থাপন কৰা হয় আধাৰশিলা ৷

উল্লেখ্য যে,ইয়াৰ পাছৰে পৰা কিছুসংখ্যক লোকে পঞ্চায়তৰ কাৰ্যালয় স্থানান্তৰক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশৰ লগতে গ্ৰহণ কৰে লৈ প্ৰতিবাদী কাৰ্যসূচী ৷ উক্ত পঞ্চায়তৰ সভানেত্ৰী শিৱানী নায়কৰ লগতে অন্য 8 টা ৱাৰ্ডৰ সদস্য আৰু স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি পূৰ্বৰ পঞ্চায়ত কাৰ্যালয়লৈ যাবলৈ যাতায়ত আৰু যোগাযোগৰ ক্ষেত্ৰত সৃষ্টি হৈ আছিল সমস্যাৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত নতুন কাৰ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ৰাইজৰ সুবিধাৰ্থে গ্ৰহণ কৰা এই সিদ্ধান্তৰ বিপৰীতে কোনো বিতৰ্ক সৃষ্টি নকৰিবলৈ আহ্বান জনাইছে পঞ্চায়তখনৰ সভানেত্ৰীয়ে ৷

লগতে চাওকঃগোলাঘাটত গভীৰ নিদ্ৰাত বিদ্যুৎ বিভাগ

ABOUT THE AUTHOR

...view details