অসম

assam

ETV Bharat / state

আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহাৰ্য চুতীয়া ছাত্ৰ সন্থাৰ

"হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ একাংশ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰ্থিক দৈন্যতা, উচ্চশিক্ষা গ্ৰহণৰ ক্ষেত্ৰত হেঙাৰ হোৱা দেখা যায় । এইসকল আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীক উচ্চশিক্ষা গ্ৰহণত সহায় কৰাৰ লক্ষ্যৰে ফিল'বাৰী আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে"

By

Published : Jun 7, 2019, 7:00 PM IST

ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহাৰ্য চুতীয়া ছাত্ৰ সন্থাৰ

ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহাৰ্য চুতীয়া ছাত্ৰ সন্থাৰ

তিনিচুকীয়া, 7 জুনঃ ফিল'বাৰীত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ । আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহাৰ্যৰ লগতে পাঠ্যপুথি বিতৰণ । উল্লেখ্য যে, হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ একাংশ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰ্থিক দৈন্যতা, উচ্চশিক্ষা গ্ৰহণৰ ক্ষেত্ৰত হেঙাৰ হোৱা দেখা যায় । এইসকল আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীক উচ্চশিক্ষা গ্ৰহণত সহায় কৰাৰ লক্ষ্যৰে ফিল'বাৰী আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে । ফিল'বাৰী অঞ্চলৰ আৰ্থিকভাৱে দুৰ্বল এনে বহুকেইগৰাকী শিক্ষাৰ্থীক শুকুৰবাৰে কিতাপৰ টোপোলাৰ লগতে আৰ্থিক সাহাৰ্য আগবঢ়াই ফিল'বাৰী আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই । ফিল'বাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভিৰ্যপূৰ্ণ সভাত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীক পাঠ্যপুথিৰ টোপোলা আৰু কিছু আৰ্থিক সাহাৰ্য আগবঢ়াই । এই অনুষ্ঠানটি পৰিচালনা কৰে ফিল'বাৰী হাইস্কুলৰ সহকাৰী শিক্ষক প্ৰদীপ শইকীয়াই । সভাত অনিল দত্ত, নিৰদা বড়া, চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা শশাংক শইকীয়া, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদানন্দ দাস, মুকুল মেধী, আছা নেতা ৰামানুজ লাকৰা, ফিল'বাৰী আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক নিৰঞ্জন চুতীয়াৰ লগতে বহু সংখ্যক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।

ABOUT THE AUTHOR

...view details