তিনিচুকীয়া, 29 মাৰ্চ: তিনিচুকীয়া চহৰৰ শ্ৰীপুৰীয়াৰ টিংৰাই হাবি অঞ্চলত অপ্ৰীতিকৰ কাৰ্য সংঘটিত হোৱা খবৰ পাই এটা বৈদ্যুতিন সংবাদ মাধ্যমৰ সাংবাদিক আৰু ইটিভি ভাৰতৰ সাংবাদিক প্ৰেমানন্দ দাস উপস্থিত হৈছিলগৈ শ্ৰীপুৰীয়াৰ টিংৰাইস্থিত এটা অঞ্চলত । উক্ত ঘটনা সবিশেষ তথ্য জানিবলৈ লোৱাৰ সময়ত কেইজনমান ব্যক্তিয়ে বৈদ্যুতিন সংবাদ মাধ্যমৰ সাংবাদিকজনৰ মোবাইল ফোনটো কাঢ়ি লৈ যায় ।
অৱশ্যে ইটিভি ভাৰতৰ সাংবাদিক প্ৰেমানন্দ দাসৰ মোবাইল ফোনটো কাঢ়িবলৈ সক্ষম নহ'ল দুষ্কৃতিকাৰীৰ দলটোৱে । দুষ্কৃতিকাৰীৰ দলটোৱে বৈদ্যুতিন সংবাদ মাধ্যমটোৰ সাংবাদিকগৰাকীৰ পৰিচয় পত্ৰখনো আজুৰি দূৰলৈ দলিয়াই দিয়াৰ লগতে সাংবাদিক দুজনৰ ওপৰত জপিয়াই পৰে ।