অসম

assam

ETV Bharat / state

বিধায়ক নৰেন সোণোৱালৰ সংগ ত্যাগ অগপ কৰ্মীৰ

ৰাজ্যত অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত মিত্ৰতা আছে যদিও নাহৰকটীয়াত দুয়োটা দলেই প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । ইতিমধ্যে দুই দলৰ প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰিছে ।

বিধায়ক নৰেণ সোণোৱালৰ সংগ ত্যাগ AGP কৰ্মীৰ
বিধায়ক নৰেণ সোণোৱালৰ সংগ ত্যাগ AGP কৰ্মীৰ

By

Published : Mar 14, 2021, 9:24 PM IST

মৰাণ,14 মাৰ্চঃ ডিব্ৰুগড় জিলাৰ ৭ টা বিধানসভা সমষ্টিৰ ভিতৰত নাহৰকটীয়া সমষ্টিত নিৰ্বাচনী যুঁজ বেছ আকৰ্ষণীয় হৈ উঠিছে । ৰাজ্যত অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত মিত্ৰতা আছে, যদিও নাহৰকটীয়াত দুয়োটা দলেই প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । ইতিমধ্যে দুই দলৰ প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰিছে । কিন্তু শনিবাৰে বৰ্তমান অসম গণ পৰিষদৰ বিধায়ক নৰেন সোণোৱালৰ সংগ ত্যাগ কৰি বহু এজিপি কৰ্মীয়ে বিজেপিত যোগদান কৰে ।

বিধায়ক নৰেন সোণোৱালৰ সংগ ত্যাগ অগপ কৰ্মীৰ

ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তৰংগ গগৈৰ উপস্থিতিত অসম গণ পৰিষদৰ বৰবাম পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ হাজৰিকা, এজিপিৰ বৰবামৰ সভাপতি জিতু হাজৰিকা, এজিপিৰ আঞ্চলিক কাৰ্য নিৰ্বাহক সদস্য সুৰজিত গগৈৰ লগতে বৰবাম পঞ্চায়তৰ ১৮০ গৰাকী সদস্যই ভাৰতীয় জনতা পাৰ্টীৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰে । মুঠৰ ওপৰত বিধায়ক নৰেন সোণোৱালৰ ভেটিত কঁপনি তুলিছে বিজেপি প্ৰাৰ্থী তৰংগ গগৈয়ে ।

বিধায়ক নৰেণ সোণোৱালৰ সংগ ত্যাগ AGP কৰ্মীৰ
লগতে পঢ়কঃ কোনে স্থান পালে বিজেপিৰ তৃতীয় প্ৰাৰ্থী তালিকাত...

ABOUT THE AUTHOR

...view details