তেজপুৰ,২২ জানুৱাৰী: প্ৰথম বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল যোগে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অষ্টাদশ সংখ্যক দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে ৷ শিক্ষাৰ্থী সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়, এইখন বিশ্ববিদ্যালয় ডঃ ভূপেন হাজৰিকাৰ, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰে অনুপ্ৰাণিত ৷ গতিকে ইয়াত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰী সকল যথেষ্ট আগবঢ়া আৰু এই কেম্পাছৰ ভিতৰৰ বিভিন্ন গৱেষণাও বহু দুৰ আগবাঢ়ি গৈছে ৷ কলিয়া ভোমোৰাৰ পাৰত অৱস্থিত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলে অশেষ কষ্ট সাধন কৰি আজিৰ এই স্থানত উপনীত হৈছে ৷
তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অষ্টাদশ সংখ্যক দীক্ষান্ত সমাৰোহত ভাৰ্চুৱেল যোগে অংশগ্ৰহণ কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ শিক্ষাৰ্থী সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল যথেষ্ট আগবঢ়া ৷
উল্লেখ্য যে, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অষ্টাদশ সংখ্যক দীক্ষান্ত সমাৰোহত ভাৰ্চুৱেল যোগে ভাৰতৰ শিক্ষামন্ত্রী ৰমেশ পোখৰীয়ালৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস উপস্থিত থাকে ৷ শেষত বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য গৰাকীয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত মাত্ৰ সীমিত সংখ্যক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত প্ৰমাণ পত্ৰ প্ৰেৰণ কৰে। বিগত বছৰটোত বিভিন্ন স্নাতক, স্নাতকোত্তৰ আৰু ডিপ্ল’মা উত্তীৰ্ণ মুঠ 1218 গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হয় প্ৰমাণ পত্ৰ ৷ শিক্ষাৰ্থীসকলৰ ভিতৰত 48 গৰাকীয়ে শীৰ্ষস্থান অধিকাৰ লাভ কৰাৰ লগতে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷