টেঙাবিলত মৃত্যুৰে যুঁজিছে বন্যহস্তীঃ উপস্থিত চিকিৎসকৰ দল
টেঙাবিলত মৃত্যুৰ সৈতে যুঁজি থকা বন্যহস্তীৰ চিকিৎসাৰ বাবে উপস্থিত ডব্লিউ টি আইৰ চিকিৎসকৰ দল ৷ বাওঁ ভৰিত এডাল ৰ'ড সোমাই থকাৰ বাবে আৱদ্ধ হাতীটো ৷
বন্যহস্তীৰ চিকিৎসাৰ বাবে উপস্থিত চিকিৎসকৰ দল
শোণিতপুৰ, 6 জুলাই : ৰঙাপৰাৰ টেঙাবিলত মৃত্যুৰ সৈতে যুঁজি থকা বন্যহস্তীৰ চিকিৎসাৰ বাবে উপস্থিত ডব্লিউ টি আইৰ চিকিৎসকৰ দল ৷ বন্য হস্তীটোৰ বাওঁ ভৰিত এডাল ৰ'ড সোমাই থকাৰ বাবে বিগত ২৪ ঘন্টা ধৰি এটা গাঁতত আৱদ্ধ হৈ আছে হাতীটো ৷
কাজিৰঙাৰ অধীনত থকা বিশ্বনাথ চাৰিআলিৰ ডব্লিউ টি আইৰ চিকিৎসক ৰিংকু গোহাঁই ৰঙাপৰাত উপস্থিত হৈ আঘাতপ্ৰাপ্ত বনৰীয়া হাতীটোক ট্ৰেংকুলাইজ কৰি চিকিৎসা প্ৰদান কৰিব ৷