অসম

assam

ETV Bharat / state

শোণিতপুৰ জিলাত আক্রান্তৰ সংখ্যা ৩৭ লৈ বৃদ্ধি - গুৱাহাটী মেডিকেল কলেজ হাস্পতাল

তেজপুৰৰ বিশ্বজিৎ বৰা পথৰ এটা ঘৰত ভাড়াতীয়া হিচাপে থকা এজন লোক কৰ'ণাত আক্ৰান্ত। শোণিতপুৰ জিলাত আক্রান্তৰ সংখ্যা ৩৭ লৈ বৃদ্ধি ।

COVID 19
COVID 19

By

Published : Jun 9, 2020, 4:15 AM IST

তেজপুৰ,৮ জুন :তেজপুৰৰ বিশ্বজিৎ বৰা পথৰ এজন লোকৰ দেহত ধৰা পৰিছে ক'ভিড-19 ৷ কৰ্কট ৰোগত আক্ৰান্ত ডেকা উপাধিৰ লোকজন যোৱা ২৮ মে'ত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা ঘৰলৈ আহিছিল। সোমবাৰে বিয়লি প্ৰসেনজিৎ নামৰ বাছখনেৰে পুনৰ জি,এম,চি,এইচলৈ যোৱাৰ কালত ক'ভিড- ১৯ পজিটিভ বুলি স্বাস্থ্য বিভাগত নিশ্চিত হয়।

শোণিতপুৰ জিলাত আক্রান্তৰ সংখ্যা ৩৭ লৈ বৃদ্ধি
ইয়াৰ পিছতে যোৰাবাটত গাড়ীৰ পৰা নমাই ডেকাক হাস্পতাললৈ লৈ যোৱা হয় । ডেকাৰ উপৰিও শোণিতপুৰ আন পাঁচজন কৰ'না আক্ৰান্ত বুলি চিনাক্ত হৈছে । আনহাতে, ৫ জুনত ধেমাজিৰ পৰা অহা তেজপুৰ বিন্দুকুৰিৰ এগৰাকী মহিলাৰ চাৰে সাত বছৰীয়া কন্যা আৰু চাৰে পাঁচ বছৰীয়া পুত্ৰৰ দেহতো ক'ভিড-19ৰ উপস্থিতি ধৰা পৰিছে ৷ ১৯ মে'ৰ দিনা ঔৰঙগাবাদৰ পৰা বাছযোগে ঢেকিয়াজুলি চাহ বাগিছালৈ আহি কোৱাৰেনটাইনত থকা এটি দম্পতীৰ দেহটো পোৱা গৈছে এই বীজাণু ৷ শোণিতপুৰ জিলাত আক্রান্তৰ সংখ্যা ৩৭ লৈ বৃদ্ধি ।লগতে পঢ়ক :বহিঃৰাজ্যৰ এগৰাকী লোকক কেন্দ্ৰ কৰি মালিগাঁৱত আতংক

ABOUT THE AUTHOR

...view details