অসম

assam

শোণিতপুৰত বিজেপিৰ নিৰ্বাচনী টোপ !

By

Published : Feb 25, 2021, 8:41 PM IST

২০১৬ চনৰ পৰাই বিতৰণ নকৰাকৈ মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ গুডামত পৰি থকা চাইকেল, চ'লাৰ লাইট ,টিনপাত ,সূতা, চিলাই মেচিন,কৃষি কাৰ্য্যত ব্যৱহাৰৰ বাবে অনা স্প্ৰেয়াৰ আদি সামগ্ৰী নিৰ্বাচনী টোপ হিচাপে ব্যৱহাৰ কৰিবলৈ ওলোৱাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ।

শোণিতপুৰত বিজেপিৰ নিৰ্বাচনী টোপ !
শোণিতপুৰত বিজেপিৰ নিৰ্বাচনী টোপ !

তেজপুৰ,২৫ফেব্ৰুৱাৰী: বিধান সভা নিৰ্বাচন সমাগত । শাসক বিৰোধী ব্যস্ত ভোটাৰক আকৰ্ষিত কৰিবলৈ ।পৰম্পৰা অক্ষুন্ন ৰাখি শাসকীয় দল বিজেপিও ব্যস্ত হৈ পৰিছে বছৰ বছৰ ধৰি ৰূপায়ণ নকৰা আচঁনি আৰু হিতাধিকাৰীৰ অনুদান বিতৰণ কৰাত । শোণিতপুৰ জিলাতো মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে ভোটাৰক আকৰ্ষণ কৰাত চৰকাৰ ব্যস্ত হৈ পৰাৰ তথ্য পোহৰলৈ আহিছে । ২০১৬ চনৰ পৰাই বিতৰণ নকৰাকৈ মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ গুডামত পৰি থকা চাইকেল, চ'লাৰ লাইট ,টিনপাত ,সূতা, চিলাই মেচিন,কৃষি কাৰ্য্যত ব্যৱহাৰৰ বাবে অনা স্প্ৰেয়াৰ আদি সামগ্ৰী নিৰ্বাচনী টোপ হিচাপে ব্যৱহাৰ কৰিবলৈ ওলোৱাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ।

শোণিতপুৰত বিজেপিৰ নিৰ্বাচনী টোপ !

শুকুৰবাৰে এই অভিযোগ কৰি মহকুমা কল্যাণ বিষয়াৰ কাৰ্যলয়ত উপস্থিত হ'ল সংগঠনৰ একাংশ সদস্য আৰু তাত পৰিত্যক্ত অৱস্থাত থকা বিভিন্ন সামগ্ৰী বৰ্তমান ৰাইজক বিতৰণৰ বাবে যোজা চলোৱা বিষয়াক উভতি ধৰে । তেওঁলোকৰ অভিযোগ নিৰ্বাচন অহাৰ লগে লগে এতিয়া বছৰ বছৰ ধৰি বিতৰণ নকৰা সামগ্ৰীবোৰ ৰাইজক বিতৰণৰ বাবে চৰকাৰ তৎপৰ হৈছে ।

লগতে পঢ়ক:আগমনিত নিচাযুক্ত টেবলেটসহ ২ সৰবৰাহকাৰী আটক

ABOUT THE AUTHOR

...view details