অসম

assam

ETV Bharat / state

জাৱৰৰ দমলৈ পৰিণত ৰঙাপৰা, চাফাই কৰ্মীৰ কৰ্মবিৰতি

ৰঙাপৰা পৌৰসভাৰ অধীনত কৰ্মৰত চাফাই কৰ্মীসকলে বিগত সাত মাহে লাভ কৰা নাই মাহেকীয়া পাৰিতোষিক ৷ তাৰে ক্ষোভত শনিবাৰৰ পৰা চাফাই কৰ্মচাৰীসকলে পালন কৰিছে কৰ্মবিৰতি

জাৱৰৰ দমলৈ পৰিণত ৰঙাপৰা, চাফাই কৰ্মীৰ কৰ্মবিৰতি

By

Published : Jun 22, 2019, 7:54 PM IST

ৰঙাপৰা, 22 জুনঃ ৰঙাপৰাত পৌৰসভাৰ চাফাই কৰ্মীৰ কৰ্মবিৰতি ৷ জাৱৰৰ দমলৈ পৰিণত ৰঙাপৰা নগৰ । ৰঙাপৰাৰ নগৰত এতিয়া চৌদিশে লেতেৰা আৰু কৰ্দযময় পৰিৱেশ ৷ চাফাই কৰ্মীসকলৰ কৰ্মবিৰতি পালনৰ পৰিপ্ৰেক্ষিততে লেতেৰা হৈ পৰিছে নগৰখনৰ চৌদিশ ৷ নগৰখনৰ বাট-পথ, ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখ, দৈনিক বজাৰৰ চাৰিওদিশে এতিয়া কেৱল জাৱৰৰ দম ৷ উৎকট দুৰ্গন্ধৰ প্ৰকোপত দুৰ্ভোগ ভুগিছে পথচাৰীয়ে ৷ কাৰণ শুক্ৰবাৰৰ পৰা ৰঙাপৰা পৌৰসভাৰ অধীনত কৰ্মৰত চাফাই কৰ্মীসকলে বিগত সাত মাহে লাভ কৰা নাই মাহেকীয়া পাৰিতোষিক ৷ তাৰে ক্ষোভত শনিবাৰৰ পৰা চাফাই কৰ্মচাৰীসকলে পালন কৰিছে কৰ্মবিৰতি ৷ তেখেতসকলৰ দাবী কৰ্মচাৰীয়ে নিজৰ দৰমহা নিয়মীয়াভাৱে লাভ নকৰে তেতিয়ালৈকে এইসকল কৰ্মচাৰীয়ে কৰ্মবিৰতি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ যাৰ ফলত জাৱৰৰ দমৰে উপচি পৰিছে ৰঙাপৰা নগৰ ৷

জাৱৰৰ দমলৈ পৰিণত ৰঙাপৰা, চাফাই কৰ্মীৰ কৰ্মবিৰতি

ABOUT THE AUTHOR

...view details