অসম

assam

By

Published : Nov 16, 2021, 9:47 PM IST

ETV Bharat / state

1962 Indo-china war memorial: ৰেজাং লাত নতুন যুদ্ধ স্মাৰক মুকলি কৰিব ৰাজনাথ সিঙে

ভাৰত-চীন যুদ্ধৰ অন্যতম সাক্ষী ৰেজাং লাত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা হৈছে যুদ্ধৰ স্মাৰক ৷ অহা 18 নৱেম্বৰত এই স্মাৰকখন উদ্বোধন কৰিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷

Rezang La war memorial
ৰেজাং লাত নতুন যুদ্ধ স্মাৰক মুকলি কৰিব ৰাজনাথ সিঙে

তেজপুৰ, ১৬ নৱেম্বৰ : ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ অন্যতম সাক্ষী ৰেজাং লা । ভাৰত-চীন যুদ্ধৰ সাক্ষী বহন কৰা এই ৰেজাং লাত থকা যুদ্ধ স্মাৰকখন পুনৰ নিৰ্মাণ কৰি উলিয়াইছে ভাৰত চৰকাৰে । অহা 18 নৱেম্বৰত এই স্মাৰকখন উদ্বোধন কৰিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷

চাৰ্লি কোম্পানীৰ 13 কুমাওন ৰেজিমেন্টৰ জোৱান সকলক সন্মান জনোৱাৰ অৰ্থে নিৰ্মাণ কৰা এই স্মাৰকখনত এটা প্ৰেক্ষাগৃহ আৰু এটা ফটো গেলেৰীৰ সংযোজন কৰা হৈছে ৷ শ্ৰীনগৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ কৰ্ণেল মোছাভিয়ে জনায় যে, স্মাৰকখনত যোৱা বছৰ গালৱান উপত্যকাৰ সংঘৰ্ষৰ সময়ত নিহত হোৱা ২০ জন সৈনিকৰ নামও অন্তৰ্ভুক্ত থাকিব ৷

লগতে পঢ়ক:Man-Elephant Conflict : পদ্মশ্ৰী ডাঃ কুশল কোঁৱৰ শৰ্মাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

স্মাৰকখনৰ মূল স্তম্ভটোত ১৯৬২ চনৰ যুদ্ধৰ সময়ত মৃত্যু হোৱা ১০৯ জন সৈনিকৰ নাম লিপিবদ্ধ কৰা হৈছে । ভাৰত-চীন যুদ্ধৰ বাৰ্ষিকী উপলক্ষে ১৮ নৱেম্বৰত আয়োজিত অনুষ্ঠানতে মুকলি কৰা স্মাৰকখন ৷

ৰেজাং লা যুদ্ধৰ স্মাৰকখনৰ স্থানত নিৰ্মাণ কৰা প্ৰেক্ষাগৃহটো মেজৰ শৈতান সিঙৰ নামত উচৰ্গা কৰা হৈছে ৷ শৈতান সিঙে ১৯৬২ চনত প্ৰচণ্ড শীত নেওচি ১৭ হাজাৰতকৈও অধিক উচ্চতাত অৱস্থিত পোষ্ট সমূহৰ সৈন্যসকলক নেতৃত্ব দিছিল । স্মাৰকখনত সংযোজিত কৰা ফটো গেলেৰীটোৱে পৰ্যটক সকলৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হ'ব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক:শিৱসাগৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

ABOUT THE AUTHOR

...view details