অসম

assam

ETV Bharat / state

সত্ৰাধিকাৰ পুণ্যব্ৰত দেৱ গোস্বামীৰ আদ্যশ্ৰাদ্ধ পালন

তেজপুৰ নিকামুল সত্ৰৰ সত্ৰাধিকাৰ পুণ্যব্ৰত দেৱ গোস্বামীৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি স্মৃতি চাৰণ সভা অনুষ্ঠিত,তেজপুৰ সাহিত্য সভাই সত্ৰাধিকাৰ গৰাকীৰ নামত উন্মোচন কৰে পুন্যানজলি নামৰ এখনি গ্ৰন্থ

সত্ৰাধিকাৰ পুণ্যব্ৰত দেৱ গোস্বামীৰ আদ্যশ্ৰাদ্ধ পালন

By

Published : Aug 12, 2019, 6:48 PM IST

সত্ৰাধিকাৰ পুণ্যব্ৰত দেৱ গোস্বামীৰ আদ্যশ্ৰাদ্ধ পালন

তেজপুৰ, 12 আগষ্টঃ সোমবাৰে তেজপুৰ নিকামূল সত্ৰৰ সত্ৰাধিকাৰ পুণ্যব্ৰত দেৱ গোস্বামীৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি সত্ৰখনৰ ভকত বৈষ্ণৱ আৰু বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ সকলে এখনি স্মৃতি চাৰণ সভা অনুষ্ঠিত কৰে ৷ অনুষ্ঠানত সত্ৰাধিকাৰ লীলাকান্ত মহন্ত উপস্থিত থাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম সৃষ্টি সত্ৰীয়া সংস্কৃতি আৰু বৰগীত সমূহক গৱেষণাৰ জৰিয়তে উচ্চ পৰ্যায়লৈ লৈ যোৱাৰ লগতে বৰগীত সমূহ শুদ্ধ আৰু প্ৰকৃত সুৰত পৰিবেশন কৰোৱাৰ ক্ষেত্ৰত সত্ৰাধিকাৰ পুণ্যব্ৰত দেৱ গোস্বামীয়ে বিশেষ ভূমিকা পালন কৰিছিল বুলি মন্তব্য আগবঢ়ায় ৷ উক্ত অনুষ্ঠানতে তেজপুৰ সাহিত্য সভাই সত্ৰাধিকাৰ গৰাকীৰ নামত পুন্যানজলি নামৰ এখন গ্ৰন্থ উন্মোচন কৰে ৷ অনুষ্ঠানত স্থানীয় বিধায়ক বৃন্দাবন গোস্বামী,সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা সত্ৰাধিকাৰ ভৱ গোস্বামী উপস্থিত থাকে ৷

ABOUT THE AUTHOR

...view details