অসম

assam

By

Published : Jun 9, 2022, 1:40 PM IST

ETV Bharat / state

শোণিতপুৰ-ধেমাজিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চৰকাৰী বিদ্যালয়ৰ তুলনাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ অগ্ৰগতি

সদ্য় ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ তুলনাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত উত্তীৰ্ণ হাৰ যথেষ্ট উন্নত হৈছে । বিগত সময়চোৱাৰ তুলনাত উত্তৰ অসমৰ ধেমাজি জিলাৰ বাহিৰে অন্য জিলাসমূহে বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা নাই ।

Progress of private sector schools over government schools
শোণিতপুৰ- ধেমাজিত চৰকাৰী বিদ্যালয়ৰ তুলনাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ অগ্ৰগতি

তেজপুৰ, ৯জুন : সদ্য় ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ তুলনাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত উত্তীৰ্ণ হাৰ যথেষ্ট উন্নত হৈছে(The pass rate in private sector schools in HSLC exam) । বিগত সময়চোৱাৰ তুলনাত উত্তৰ অসমৰ ধেমাজি জিলাৰ বাহিৰে অন্য জিলাসমূহে বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা নাই ।শোণিতপুৰ জিলাত এইবাৰ অৱতীৰ্ণ হৈছিল 14,124 গৰাকী ছাত্ৰ-ছাত্ৰী । ইয়াৰে উত্তীৰ্ণৰ হাৰ 48.66% শতাংশ । আনহাতে, অসম হাই মাদ্ৰাছা বিদ্যালয়ৰ 311 গৰাকী ছাত্ৰ -ছাত্ৰী উত্তীৰ্ণ হয় আৰু উৰ্ত্তীণৰ হাৰ হৈছে 36.01% ।

ইয়াৰ বিপৰীতে বিশ্বনাথ জিলাত পৰীক্ষাত অৱৰ্তীণ হৈছিল 10,309 গৰাকী আৰু উত্তীৰ্ণ হাৰ 51.58 শতাংশ । ইপিনে, ধেমাজি জিলাৰ ৩৪ টা পৰীক্ষা কেন্দ্ৰৰ পৰা মুঠ ১৩,৪৫২ গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল ৷ ইয়াৰ বিপৰীতে মুঠ ১১,৪৯৬ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় ৷ ইয়াৰ ভিতৰত প্ৰথম বিভাগত ২,৭১৩ গৰাকী, দ্বিতীয় বিভাগত ৫,৬৭৪ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৩,১০৯ গৰাকী পৰীক্ষাৰ্থী(HSLC Exam Result 2022) ৷

শোণিতপুৰ জিলাৰ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় 120 গৰাকী পৰিক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল (Tezpur Government Higher Secondary School in Sonitpur)। ইয়াৰে মাত্ৰ 36 গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে । মুঠ 58 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে শিক্ষা দান কৰা বিদ্যালয়খন অসমৰ বহু স্বনামধন্য মহীয়সী কে লৈ সুধাকণ্ঠ ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাকে ধৰি বহু গণ্য মান্য ব্যক্তিয়ে শিক্ষা গ্ৰহণ কৰিছিল । অৱশ্যে এইখন বিদ্যালয়ৰ পূৰ্বে ভাল ফল লাভ কৰিছে । জিলাখনৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ 73 জনে অৱতীৰ্ণ হৈছিল আৰু 48 জনে উত্তীৰ্ণ হয়। ইয়াৰে 6 জনে প্ৰথম বিভাগ ,2 জনে ষ্টাৰ নম্বৰ লৈ অঞ্চলটোৰ বাবে এটা আশাৰ বতৰা কঢ়িয়াই আনিছে ।

আনহাতে, শোণিতপুৰ জিলাত দুজন ছাত্ৰই শিক্ষান্ত পৰীক্ষাত প্ৰথম হৈ উত্তীৰ্ণ হৈছে অষ্টম আৰু ১০ ম স্থান অধিকাৰ কৰিছে এক মাত্ৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ । উল্লেখ্য় যে ২০১৫ , ২০১৬ , ২০১৮ আৰু ২০১৯ চনত অসমৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধেমাজি জিলাই উত্তীৰ্ণৰ ক্ষেত্ৰত সৰ্বোচ্চ স্থান অধিকাৰ কৰা ধেমাজি জিলাই পুনৰ 2022 চনত এই স্থান অক্ষুন্ন ৰাখিছে ।

লগতে পঢ়ক:Suicide case at Jania: FREE FIRE গেম খেলাত বাধা দিয়াৰ বাবেই আত্মহত্য়া ছাত্ৰৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details