অসম

assam

শোনিতপুৰত ক'ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হ'লগৈ তিনিজন

By

Published : Aug 9, 2020, 9:46 PM IST

দেওবাৰে শোনিতপুৰৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালত ক'ভিড আক্ৰান্ত হৈ মৃত্যক সাৱতিলে এগৰাকী ব্যক্তিয়ে । ৫৮ বছৰীয়া সঞ্জীৱ ভূঞা নামৰ ব্যক্তি গৰাকী ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি জনালে স্বাস্থ্য বিভাগে ।

one covid infected person death in tezpur
শোনিতপুৰত ক'ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হ'লগৈ তিনিজন

তেজপুৰ,৯ আগষ্ট:দেওবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালত ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হ'য় ৫৮ বছৰীয়া সঞ্জীৱ ভূঞা নামৰ এগৰাকী ব্যক্তি । ইতিমধ্যে স্বাস্থ্য বিভাগে নিশ্চিত কৰিলে ব্যক্তি গৰাকী ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ তথ্য ।

ক'ভিডত আক্ৰান্ত হোৱা এই গৰাকী ব্যক্তিক ৬দিন পূৰ্বে চিকিৎসা মহাবিদ্যালয় খনৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসাৰ সময়চোৱাত সঞ্জীৱ ভূঞাৰ শৰীৰত প্ৰয়োগ কৰা হৈছিল দুই ইউনিট প্লাজমা ।

তেজপুৰৰ ডেকা বৰুৱা চুবুৰীৰ বাসিন্দা সঞ্জীৱ ভূঞাৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলটোত পেলাইছে শোঁকৰ ছাঁ ।

উল্লেখ্য যে, দেওবাৰে মৃত্যু হোৱা লোক গৰাকীক ধৰি বৰ্তমানলৈ জিলাখনত ক'ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হ'লগৈ তিনিজন ।

ABOUT THE AUTHOR

...view details