ৰঙাপৰা,25জুনঃশোণিতপুৰ জিলাৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিপৰাত ধৰা পৰিছে প্ৰথমটো কৰ'ণা সংক্ৰমণৰ ঘটনা। এই ঘটনা পোহৰলৈ অহাৰ পিছতে উদ্বিগ্ন হৈ উঠিছে অঞ্চলবাসী। বালিপৰাৰ মাহিলিবস্তিৰ নিবাসী সঞ্জয় গুৰুঙৰ দেহত ধৰা পৰিছে COVID-19 ৰোগৰ স্থিতি। সঞ্জয় গুৰুং তেজপুৰ পৰুৱাস্থিত ময়ূৰ তেলৰ ডিপুৰ কৰ্মচাৰী আছিল।
এইবাৰ তেল ডিপুৰ কৰ্মচাৰীৰ শৰীৰত কৰ'ণা ভাইৰাছ
শোণিতপুৰৰ বালিপৰাত প্ৰথমটো কৰ'ণা সংক্ৰমণৰ ঘটনা ৷ এজন তেল ডিপুৰ কৰ্মচাৰীৰ শৰীৰত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷
এইবাৰ তেল ডিপুৰ কৰ্মচাৰীৰ শৰীৰত কৰ'ণা সংক্ৰমণ
লোকজনে বালিপৰাৰ মাহিলিবস্তিৰ নিজ বাসগৃহৰ পৰা দৈনিক অহা-যোৱা কৰিছিল তেজপুৰলৈ। তেখেতৰ দেহত COVID-19 ৰোগৰ স্থিতি ধৰা পৰাৰ পিছতেই বালিপৰাৰ মাহিলিবস্তিক জিলা প্ৰশাসনে কণ্টেইনমেন্ট জ'ন ঘোষণা কৰে। ইতিমধ্যে সঞ্জয় গুৰুং বালিপৰাৰ বহুলোকৰ সংস্পৰ্শলৈ অহাৰ আশংকা কৰা হৈছে।সংস্পৰ্শলৈ অহা লোকসকলক স্বাব পৰীক্ষা কৰাৰ বাবে যো-জা কৰিছে স্বাস্থ্য বিভাগে।