তিনি বছৰত 50 টা প্ৰকল্প স্থাপনৰ লক্ষ্য অৰুণাচল চৰকাৰৰ তেজপুৰ, 12 আগষ্ট: অৰুণাচল প্ৰদেশ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান কেন্দ্ৰৰ (Centre for Public Sector Undertaking) সৈতে দেওবাৰে 13 টা সৰু-বৰ জলবিদ্যুৎ প্ৰকল্পৰ ওপৰত বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে ৷ সৰ্বাধিক 3,097 মেগাৱাটৰ পৰা আৰম্ভ কৰি একেবাৰে সাধাৰণ 186 মেগাৱাটলৈকে জলবিদ্যুৎ উৎপাদন কৰা হ’ব এই প্ৰকল্প কেইটাৰ দ্বাৰা ৷
দেওবাৰৰ বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙক ধন্যবাদ জ্ঞাপন কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয় যে এই প্ৰকল্পসমূহ কেৱল ৰাজ্যখনৰ বাবেই নহয়, সমগ্ৰ জাতিটোৰ বাবেও এক ঐতিহাসিক মুহূৰ্ত ৷
তেওঁ উল্লেখ কৰে যে, এই প্ৰকল্পসমূহে অৰুণাচলৰ উন্নয়নত যথেষ্ট সহায় কৰিব আৰু আনফালে স্বচ্ছ আৰু সেউজ শক্তিৰ জৰিয়তে দেশৰ শক্তি সুৰক্ষা বৃদ্ধি কৰিব ৷ পেমা খাণ্ডুৱে ইয়াৰ অংশীদাৰসকলক এই প্ৰকল্পসমূহ মিছন মোডত ৰাজ্য আৰু জাতিৰ সামগ্ৰিক স্বাৰ্থত ৰূপায়ণ কৰিবলৈ আহ্বান জনায় ।
চিপিএছইউৰ (CPSU) ভূমিকাক প্ৰশংসা কৰি খাণ্ডুৱে কয়, ‘‘চিপিএছইউৰ ভূমিকা প্ৰশংসনীয় । ৰাজ্যখনে ইতিমধ্যে পানয়ৰ লোয়াৰ, পাৰে আৰু কামেং জলবিদ্যুৎ প্ৰকল্পৰ পৰা 1183 কোটি টকাৰ বিনামূলীয়া বিদ্যুৎ লাভ কৰিছে । 2023-24 চনত এই মাত্ৰা আৰু অধিক বৃদ্ধি পাবলৈ গৈ আছে, কিয়নো 2024 চনৰ জানুৱাৰীৰ পৰা পৰ্যায়ক্ৰমে নামনি সোৱণশিৰি প্ৰকল্পত 2,000 মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ কথা আছে ।’’
খাণ্ডুৱে জনায় যে ৰাজ্য চৰকাৰে ‘সোণালী জয়ন্তী সীমান্ত গাঁও বিদ্যুৎকৰণ কাৰ্যসূচী’ আৰম্ভ কৰিছে । তেওঁ কয়,“এই পদক্ষেপৰ অধীনত আমি ষ্টেণ্ড এল’ন মাইক্ৰ’ হাইডেল প্ৰকল্পৰ জৰিয়তে দূৰৱৰ্তী আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ আমাৰ গাঁও আৰু প্ৰতিৰক্ষা প্ৰতিষ্ঠানসমূহক সুস্থিৰ বিদ্যুৎ যোগান প্ৰদান কৰিম । তিনি বছৰৰ ভিতৰত আমি এনে ৫০ টা প্ৰকল্প গ্ৰহণ কৰিম আৰু ইতিমধ্যে ১৩ টা প্ৰকল্প ১ম পৰ্যায়ত আৰম্ভ কৰা হৈছে ।’’
উপ-মুখ্যমন্ত্ৰী চৌনা মেইনে কয় যে এই প্ৰকল্পসমূহে ৰাজ্যখনৰ অভূতপূৰ্ব উন্নয়ন আৰু কৰ্ম সংস্থাপনৰ সুযোগ কঢ়িয়াই আনিব । তেওঁ কয় যে ৰাজ্যখনে ইয়াৰ পৰা 50 লাখ টকা উপাৰ্জন কৰিব । প্ৰকল্পসমূহৰ পৰা 12 শতাংশ বিনামূলীয়া শক্তি উপাদানৰ পৰা বছৰি 3052 কোটি টকা লাভ হ’ব । ‘‘ইয়াৰ উপৰিও আমি 50 লাখ টকাও উপাৰ্জন কৰিম । স্থানীয় এলেকা উন্নয়ন পুঁজিৰ বাবে বছৰি লাভ কৰিম 254 কোটি টকা,’’ তেওঁ লগতে কয় ।
এই প্ৰকল্পসমূহ ৰাজ্য চৰকাৰৰ অংশীদাৰিত্বৰে নিৰ্মাণ কৰা হ’ব যাৰ 26 শতাংশ ইকুইটি অংশীদাৰিত্ব থাকিব । এই ইকুইটি অংশগ্ৰহণৰ পৰা লাভ কৰা লভ্যাংশই প্ৰকল্পসমূহৰ পৰা ৰাজ্যখনৰ উপাৰ্জন আৰু অধিক বৃদ্ধি কৰিব । অনুষ্ঠানত ৰাজ্যখনৰ মুখ্য সচিব আৰু অন্যান্য বিষয়াসকলে অংশগ্ৰহণ কৰে ৷
উল্লেখ্য যে আজি বুজাবুজি চুক্তি সম্পন্ন কৰা প্ৰকল্পকেইটা হ’ল আমুলীন হাইড্ৰ পাৱাৰ প্ৰজেক্ট(420 মেগাৱাট), ইমিনি (500 নেগৱাট) , মিহোৱাডন (400 মেগাৱাট), ইটালিন (3,097 মেগাৱাট), আট্টুনলি ( 480 মেগাৱাট), কামালা (1800 মেগাৱাট), আপাৰ সোৱণশিৰি (2000 মেগাৱাট), হেও (240 মেগাৱাট), নাইং (1000 মেগাৱাট), হিৰং (500 মেগাৱাট), ক’লাই- 2 (1200 মেগাৱাট), টাট’-2 (700 মেগাৱাচ) আৰু টাট’ -1 (186 মেগাৱাট) ৷
লগতে পঢ়ক:Arunachali man abducted: আজিও চৰকাৰে তথ্য দিব পৰা নাই চীনা সীমান্তত ৮ বছৰে নিৰুদ্দিষ্ট তাপৰ পুলমৰ