নিউড ডেস্ক, 15 জুনঃ যোৰহাট বায়ুসেনা ছাউনীৰ পৰা উৰা মৰা বায়ুসেনাৰ AN 32 বিমান দূৰ্ঘটনাত নিহত হয় তেৰগৰাকীকৈ ব্যক্তিৰ ৷ অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ লিপোত প্ৰায় দহদিনৰ অন্তত উদ্ধাৰ হৈছিল বিমানখনৰ ধ্বংসাৱশেষ ৷ ইতিমধ্যে বিমানখনৰ ব্লেকবক্স আৰু চিভিআৰ উদ্ধাৰ কৰিছে বায়ুসেনাই ৷
বিয়লিলৈ যোৰহাট পাব 13গৰাকী বায়ুসেনাৰ নশ্বৰ দেহ
বায়ুসেনাৰ শীৰ্ষসূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, শনিবাৰে দিনৰ ভাগত যোৰহাট আহি পাব অৰুণাচলত বিমান দূৰ্ঘটনাত নিহত 13গৰাকী বায়ুসেনাৰ নশ্বৰ দেহ ৷
বিয়লিলৈ যোৰহাট পাব 13গৰাকী বায়ুসেনাৰ নশ্বৰ দেহ
আনহাতে আজি দিনৰ ভাগত নিহত বায়ুসেনাসকলৰ পাৰ্থিৱ শৰীৰ যোৰহাটলৈ লৈ অনা হ'ব বুলি প্ৰকাশ কৰিছে বায়ুসেনাৰ সূত্ৰই ৷ আনহাতে ঘটনা সন্দৰ্ভত এক সামৰিক অনুসন্ধানৰ নিৰ্দেশনা দিছে বুলি প্ৰকাশ কৰিছে বায়ুসেনাৰ মুখপাত্ৰ ৰত্নাকৰ সিঙে ৷
Last Updated : Jun 15, 2019, 1:04 PM IST