ৰঙাপৰা, 30 মাৰ্চঃ শোণিতপুৰ জিলাৰ মিছামাৰীত ৰাইজে আজিও বাঁহৰ দলঙৰ ওপৰেদি বিপদ সংকুল ভাৱে যাতায়ত কৰি আহিছে । মিছামাৰীৰ ২নং ধনখনাৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে বছৰৰ পাছত বছৰ ধৰি বাঁহৰ দলঙৰ ওপৰেদি অহা-যোৱা কৰিবলগীয়া হৈছে ।
বাঁহৰ সাঁকোৰে বিপদসংকুল যাতায়ত ক’ত ?
উন্নয়নৰ কথা কোৱা ৰাজ্য চৰকাৰে এতিয়ালৈকে এখন দলং নিৰ্মাণ কৰিব নোৱাৰিলে শোণিতপুৰ জিলাৰ মিছামাৰীত ৷
২ নং ধনখনা গাঁৱলৈ যোৱা পথচোৱাৰে নেপালীবস্তি, নবিল পথাৰ, নাহৰণী, কঠালগুৰি আদি বিভিন্ন গাঁৱৰ ৰাইজ বেঙেনাজুলি নদীৰ ওপৰত থকা বাঁহৰ দলঙৰ ওপৰেদি অহা-যোৱা কৰি আহিছে ৷ উপায়বিহীন গাঁওখনৰ ৰাইজে কাঠ, বাঁহ আদি সংগ্ৰহ কৰি নিজে পৰিশ্ৰম কৰি ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে বেঙেনাজুলী নদীখন পাৰ হোৱাৰ বাবে ব্যৱস্থা কৰিলে যদিও বাৰিষা কালত দলংখন ভাঙি পৰাত এতিয়া এইদৰে যাতায়ত কৰি থাকিবলগীয়া হৈছে ৷
জনপ্ৰতিনিধি তথা ৰাজ্য চৰকাৰে নদীখনৰ ওপৰত এখন দলং নিৰ্মাণ কৰি ৰাইজৰ সমস্যাটি সমাধান কৰাৰ ব্যৱস্থা নকৰাত ৰাইজে আক্ষেপ প্ৰকাশ কৰে ৷