অসম

assam

ETV Bharat / state

জামুগুৰিহাটৰ শ্ৰী শ্ৰী অন্ন নোখোৱা আতাৰ থানত মাঘী পূৰ্ণিমা উদযাপন

পূৰ্ৱৰ দৰেই এইবেলিও অঞ্চলটোৰ লগতে দূৰদূৰণিৰ পৰা অহা ভকত বৈঞ্চৱসকলেও শৰাই শলিতা দি মনৰ অভিষ্ঠ সিদ্ধিৰ বাবে অন্ন নোখোৱা আতাৰ চৰণত সেৱা ধৰাৰ লগতে প্ৰসাদ আৰু ব্যতিক্ৰমী সান্দহ গুৰাও গ্ৰহণ কৰে ৷

শ্ৰী শ্ৰী অন্ন নোখোৱা আতাৰ থানত উলহমালহেৰে মাঘী পূৰ্ণিমা উদযাপন
শ্ৰী শ্ৰী অন্ন নোখোৱা আতাৰ থানত উলহমালহেৰে মাঘী পূৰ্ণিমা উদযাপন

By

Published : Jan 29, 2021, 9:58 AM IST

চতিয়া,29 জানুৱাৰী: শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁৱৰ মাজৰ চুকস্থিত শ্ৰী শ্ৰী অন্ন নোখোৱা আতাৰ থানত পৰম্পৰা ৰক্ষা কৰি প্ৰতিবছৰৰ দৰেই এইবেলিও পৱিত্ৰ মাঘ পূৰ্ণিমাৰ দিনটো উলহ মালহৰে ভক্তিৰসত বুৰ গৈ উদযাপন কৰে গাঁওবাসীয়ে ৷ পূৰ্ৱৰ দৰেই এইবেলিও অঞ্চলটোৰ লগতে দূৰদূৰণিৰ পৰা অহা ভকত বৈঞ্চৱসকলেও শৰাই শলিতা দি মনৰ অভিষ্ঠ সিদ্ধিৰ বাবে অন্ন নোখোৱা আতাৰ চৰণত সেঁৱা ধৰাৰ লগতে প্ৰসাদ আৰু ব্যতিক্ৰমী সান্দহ গুৰিও গ্ৰহণ কৰে ৷

শ্ৰী শ্ৰী অন্ন নোখোৱা আতাৰ থানত উলহমালহেৰে মাঘী পূৰ্ণিমা উদযাপন

জামুগুৰিহাটৰ মূল কেন্দ্ৰস্থলৰ গাঁতে লাগি থকা থান ভাগত থান পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত পৱিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে বৃহস্পতিবাৰে পুৱা ৭ বজাত শ্ৰী শ্ৰী অন্ন নোখোৱা আতাৰ থানৰপৰা চতিয়ালৈ ৰথ কীৰ্তনলৈ ঊষা কীৰ্তন কৰি যোৱাৰ লগতে দুপৰীয়া নাম প্ৰসংগ,প্ৰসাদ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ সন্ধিয়া ৫ বজাৰপৰা বন্তি প্ৰজ্বলন কাৰ্যসূচীও অনুষ্ঠিত হ’য় ৷ পুৱাৰপৰা সকলো কাৰ্যসূচীতে ভকত বৈঞ্চৱসকলৰ অকুণ্ঠ সঁহাৰিৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে থান পৰিচালনা সমিতিৰ সভাপতি সদানন্দ বৰুৱা আৰু সম্পাদক দীপেন হাজৰিকাই ৷

লগতে পঢ়কঃ মিকিৰ বামুনী গ্ৰাণ্টৰ কৃষিভূমিক লৈ বহিঃৰাজ্যৰ পৰিবৱেশ কৰ্মীৰ সংবাদ মেল

ABOUT THE AUTHOR

...view details