অসম

assam

ETV Bharat / state

জোৰ পুখুৰীত চাফাই অভিযান গুৱাহাটী পৌৰ নিগমৰ

প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত আঁচনিৰ অধীনত জোৰ পুখুৰীৰ চাৰিওকাষৰ আৱৰ্জনা চাফা কৰাৰ লগতে পুখুৰীটোৰ সৌন্দৰ্য অটুট ৰখাৰ বাবে গুৱাহাটী ৰিফাইনেৰী আৰু পৌৰ নিগমে এই চাফাই অভিযান চলায় ।

জোৰ পুখুৰীৰ চাফাই অভিযান জিএমচিৰ

By

Published : Jul 5, 2019, 2:02 PM IST

গুৱাহাটী,৫ জুলাই :বৃহস্পতিবাৰে বহু অপেক্ষাৰ অন্তত গুৱাহাটী পৌৰ নিগমৰ অধীনত থকা জোৰ পুখুৰীটো কদৰ্যময় অৱস্থাৰ পৰা চাফা কৰিবলৈ আৰু জাৱৰৰ লগতে পুখুৰীটোক আৱৰি থকা মেটেকা আঁতৰাবলৈ আগবাঢ়ি আহিল গুৱাহাটী ৰিফাইনেৰীৰ সহযোগত গুৱাহাটী পৌৰ নিগম। প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত আঁচনিৰ অধীনত জোৰ পুখুৰীৰ চাৰিওকাষৰ আৱৰ্জনা চাফা কৰাৰ লগতে পুখুৰীটোৰ সৌন্দৰ্য অটুট ৰখাৰ বাবে গুৱাহাটী ৰিফাইনেৰী আৰু জিএমচিয়ে চলায় এই চাফাই অভিযান।

জোৰ পুখুৰীৰ চাফাই অভিযান জিএমচিৰ

উগ্ৰতাৰা মন্দিৰৰ দলৈ পৰমেশ্বৰ শৰ্মাই কয় যে,স্থানীয় লোকৰ লগতে মন্দিৰ কৰ্তৃপক্ষই কৰা বাৰম্বাৰ অনুৰোধ মৰ্মে আজি এই জোৰ পুখুৰী চাফাই অভিযানৰ পদক্ষেপ লোৱা হয়। লগতে তেওঁ কয় যে মন্দিৰ কৰ্তৃপক্ষই পৌৰ নিগমৰ অধীনত থকা এই পুখুৰীটোৰ এনে অৱস্থাৰ কথা কামৰূপ জিলাৰ উপায়ুক্ত গৰাকীক অৱগত কৰাৰ পাচতে গুৱাহাটী পৌৰ নিগমে এই পদক্ষেপ লয়। ইয়াৰোপৰি মন্দিৰ কৰ্তৃপক্ষক যদি আনটো পুখুৰীৰো দায়িত্ব অৰ্পণ কৰে তেন্তে এই পুখুৰীটো সৌন্দৰ্য অটুট ৰখাৰ চেষ্টা কৰাৰ লগতে কাছ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব তেওঁলোকে। সেয়ে এতিয়া মন্দিৰ কৰ্তৃপক্ষৰ লগতে কাছ সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি থকা সৰীসৃপ বিশেষজ্ঞ উদয়াদিত্য পুৰকায়স্থই,উৰ্দ্ধতম কৰ্তৃপক্ষই যি ব্যৱস্থা গ্ৰহণ কৰে তালৈ অপেক্ষা কৰি আছে বুলি উগ্ৰতাৰা মন্দিৰৰ দলৈয়ে মন্তব্য কৰে।

ABOUT THE AUTHOR

...view details