অসম

assam

ETV Bharat / state

ৰঙাপৰাৰ চাহ বাগিচাত বন্যহস্তীৰ বিচৰণ

তাৰাজুলি চাহ বাগিচাৰ গাভৰু নৈৰ পাৰৰ হাবিত বনৰীয়া হাতীৰ এটা জাকে বিচৰণ কৰি আছে । আৰু সেই জাকটোৰ পৰাই হাতী পোৱালিটো বিচিন্ন হৈ পৰা বুলি সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে ।

তাৰাজুলি চাহ বাগিচাত আঘাতপ্ৰাপ্ত বনৰীয়া হাতী পোৱালিৰ বিচৰণ

By

Published : Jul 18, 2019, 12:31 PM IST

ৰঙাপৰা, ১৮ জুলাই: শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাৰ ২২ নং লাইনত বৃহস্পতিবাৰে ৫-৬ বছৰীয়া এটি বনৰীয়া হাতীৰ পোৱালি আঘাতপ্ৰাপ্ত হৈ চাহ বাগিচাখনত বিচৰণ কৰি আছে ।

তাৰাজুলি চাহ বাগিচাত আঘাতপ্ৰাপ্ত বনৰীয়া হাতী পোৱালিৰ বিচৰণ

তাৰাজুলি চাহ বাগিচাৰ গাভৰু নৈৰ পাৰৰ হাবিত বনৰীয়া হাতীৰ এটা জাকে বিচৰণ কৰি আছে । আৰু সেই জাকটোৰ পৰাই হাতী পোৱালিটো বিচ্ছিন্ন হৈ পৰা বুলি সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে । আঘাতপ্ৰাপ্ত হাতীটো বৰ্তমান বাগিচাখনৰ মাজত বিচৰণ কৰি আছে। হাতীটোৱে কেনেকৈ আঘাতপ্ৰাপ্ত হ'ল সেয়া বৰ্তমানলৈকে জানিব পৰা নাই ৷ ইপিনে কিছু সময়ৰ পাচত আঘাতপ্ৰাপ্ত হাতীটো চিকিৎসা প্ৰদানৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ WTI চিকিৎসক ঘটনাস্থলীত উপস্থিত হ'ব । উল্লেখ্য যে যোৱা মঙলবাৰে এটি ৭-৮ মহীয়া বনৰীয়া হাতীৰ পোৱালি উক্ত চাহ বাগিচাখনতে উদ্ধাৰ হৈছিল ।

ABOUT THE AUTHOR

...view details