অসম

assam

Sikkim flash floods update: ছিকিমত আকস্মিক বান; এতিয়াও সন্ধানহীন সেনা জোৱান

তিস্তা নদীৰ আকস্মিক বানৰ কবলত উত্তৰ ছিকিম । ব্যাপক ক্ষয়-ক্ষতিৰ সন্মুখীন বিস্তীৰ্ণ অঞ্চল । এতিয়াও সন্ধানহীন সেনা জোৱানসহ বহু লোক । সেনা বিষয়াৰ সন্ধাত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ।

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 11:49 AM IST

Published : Oct 6, 2023, 11:49 AM IST

Indian Army persons missing in Sikkim flash floods
ছিকিমত আকস্মিক বান; এতিয়াও সন্ধানহীন সেনা জোৱান

ছিকিমত আকস্মিক বান; এতিয়াও সন্ধানহীন সেনা জোৱান

তেজপুৰ,৬ অক্টোবৰ:বুধবাৰে উত্তৰ ছিকিমৰ লোনাক হ্ৰদৰ ওপৰত হঠাতে হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত লাচেন উপত্যকাৰ তিস্তা নদীত সৃষ্টি হৈছিল আকস্মিক বান । উপত্যকাটোৰ সমীপৰ কিছু সেনা শিবিৰো প্ৰভাৱিত হৈছিল এই বানত । যাৰ পৰিপ্ৰেক্ষিতত প্ৰথমাৱস্থাতে মুঠ ২৩ জন সেনা জোৱান সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছিল । বহু কেইজনক উদ্ধাৰ কৰা হয় যদিও বৰ্তমানো সন্ধানহীন বহু সেনা বিষয়া ।

সন্ধানহীন ভাৰতীয় সেনাৰ সম্ভেদ বিচাৰি উদ্ধাৰকাৰী দলে অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱটে । লেফটেনেণ্টগৰাকীয়ে লগতে জনাই যে ভাৰতীয় সেনাই খাদ্য, চিকিৎসা সাহায্য আৰু উত্তৰ ছিকিমত আৱদ্ধ হৈ থকা অসামৰিক লোক আৰু পৰ্যটকসকলক যোগাযোগৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত অবিৰতভাৱে সহায় আগবঢ়াই গৈছে ।

তেওঁ জনোৱা অনুসৰি সন্ধানহীন ভাৰতীয় সেনাসকলৰ সন্ধানত তিস্তা বেৰেজৰ নামনিত অনুসন্ধান অব্যাহত ৰাখিছে । চিংটামৰ সমীপত খনন চলাই সেনাৰ বাহন আৰু দোকানসমূহ উদ্ধাৰ কৰা হৈছে । অনুসন্ধান অভিযান তীব্ৰতৰ কৰিবলৈ TMR (Tiranga Mountain Rescue), ট্ৰেকাৰ কুকুৰ, বিশেষ ৰাডাৰ তথা বিশেষ অনুসন্ধানকাৰী দলৰ সহায় লোৱা হৈছে বুলিও মহেন্দ্ৰ ৰাৱটে জানিবলৈ দিয়ে ।

ইফালে, ত্ৰিশক্তি কৰ্পছ ভাৰতীয় সেনাৰ জোৱানে লাচেন/চাটেন, লাচুং আৰু চুংথাং অঞ্চলত উপস্থিত থকা ১৪৭১ জন পৰ্যটকৰ হিচাপ ল'বলৈ সক্ষম হৈছে । বতৰ ঠিকে থাকিলে ৬ অক্টোবৰত সেনাৰ হেলিকপ্টাৰেৰে বানত আৱদ্ধ পৰ্যটকসকলক স্থানান্তৰ কৰাৰ সম্ভাৱনা আছে বুলি জানিবপৰা গৈছে । ৰাজ্য চৰকাৰ, ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ুসেনাই এই পৰিকল্পনা কৰি আছে বুলি বিশ্বস্ত সুত্ৰৰ পৰা জানিব পৰা গৈছে ।

বানত হোৱা ক্ষয়-ক্ষতিৰ মূল্যাংকন আৰু পথ সংযোগ, পুনৰুদ্ধাৰৰ পৰিকল্পনাৰ বাবে সকলো সংস্থাৰ দ্বাৰা জৰীপ কৰা হৈছে । চিংটাম আৰু বুৰ্দাঙৰ মাজৰ পথচোৱাৰে যাতায়ত ব্যৱস্থা বাহাল ৰাখিবলৈ তথা যানবাহন যাতায়তৰ অব্য়াহত ৰাখিবলৈ এটা লেন পৰিষ্কাৰ কৰি পুনৰুদ্ধাৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:Sikkim flash floods update: তিস্তা নদীত উদ্ধাৰ ছিকিমত সন্ধানহীন ১৭ গৰাকী লোকৰ মৃতদেহ; ৮৫ জন এতিয়াও নিখোঁজ

ABOUT THE AUTHOR

...view details