অসম

assam

ETV Bharat / state

মিত্ৰজোঁটৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাৰ কাষত মন্ত্ৰী হিমন্ত

বুধবাৰে তেজপুৰত বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি স্ব-ৰচিত কবিতা আবৃত্তি কৰে মন্ত্ৰী হিমন্তই ৷

himanta-biswa-sarma-election-campaign-at-tezpur
পৃথ্বীৰাজ ৰাভাৰ কাষত মন্ত্ৰী হিমন্ত

By

Published : Mar 10, 2021, 9:51 PM IST

তেজপুৰ,10 মাৰ্চ: তেজপুৰত বুধবাৰে বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰী হিমন্তই পৃথ্বীৰাজ ৰাভাক সমৰ্থন কৰাৰ লগতে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে ৷

ভাষণ প্ৰসংগত মন্ত্ৰী হিমন্তই কয় যে, ‘‘তেজপুৰৰ অগপ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভা কেতিয়াও অগপৰ নাছিল ৷ বিজেপিৰ অনুৰোধতহে তেওঁ অগপ হৈছে’’ ৷ প্ৰায় এমাহকাল পৃথ্বীৰাজ ৰাভাই হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যোগাযোগ ৰখা বুলি উল্লেখ কৰি টিকট পোৱাৰ দুদিন পূৰ্বেহে বিজেপিৰ অনুৰোধত ৰাভাই অগপৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি মন্তব্য কৰে ৷

তেজপুৰত অনুষ্ঠিত হোৱা বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘‘তেওঁ ৰাজনৈতিকভাৱে পৰিপক্ক নহয় যদিও তেওঁক সোণৰ দৰে পলিচ কৰি ৰাজনৈতিকভাৱে আগুৱাই নিব লাগিব’’ ৷

উক্ত সভাত মন্ত্ৰী হিমন্ত বিশ্বই তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীক কটাক্ষ কৰি কয় যে, ‘‘বিজেপি-অগপৰ মিত্ৰতা থকাৰ পাচতো কেনেকৈ বৃন্দাবন গোস্বামীয়ে কাম কৰিব লাগে নাজানে ৷ আনকি নগৰ উন্নয়নৰ বাবে দিয়া 200 কোটি টকাও তেওঁ খৰচ কৰিব নোৱাৰিলে’’ ৷

পৃথ্বীৰাজ ৰাভাৰ কাষত মন্ত্ৰী হিমন্ত

বৃন্দাবন গোস্বামীক অকৃতজ্ঞ বুলি নক’লেও তেওঁৰ বয়সৰ প্ৰসংগ উল্লেখ কৰি নৰেন্দ্ৰ মোডীয়ে 75 বছৰত ৰাজনীতিৰ পৰা অৱসৰ লোৱা উচিত বুলি কৰা মন্তব্য দোহাৰে মন্ত্ৰী হিমন্তই ৷ বৃন্দাবন গোস্বামীয়েহে বিজেপিৰ পৰা ধাৰ লৈছে, বিজেপিয়ে বৃন্দাবন গোস্বামীৰ ধাৰ লোৱা নাই বুলি উল্লেখ কৰি মন্ত্ৰী হিমন্ত বিশ্বই কয় যে, এইবাৰো টিকট দিবলৈ বৃন্দাবন গোস্বামীয়ে তেওঁক অনুৰোধ জনাইছিল ৷ আনকি সংসদীয় নিৰ্বাচন কালত মিত্ৰতা থকাৰ পাচতো বৃন্দাবন গোস্বামীক ভোট দিবলৈ খাতিৰ কৰিবলগা হৈছিল ৷

বিজেপিৰ কৰ্মকৰ্তাসকলক সকলো ক্ষোভ এৰি পৃথ্বীৰাজ ৰাভাৰ জয়ৰ বাবে সকলোকে ত্যাগ আৰু কষ্ট কৰিবলৈ তেজপুৰবাসীক আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ৷ আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই মুখ্যমন্ত্ৰী হ’বলৈ কৰা দাবীৰ সম্পৰ্কত হিমন্ত বিশ্বই কটাক্ষ কৰি কয় যে, ‘‘ৰিপুণ বৰা মুখ্যমন্ত্ৰী হ’ব, কিন্তু অসমত নহয় ৷ বাংলাদেশৰহে মুখ্যমন্ত্ৰী হ’ব তেওঁ’’ ৷

ইফালে, আজমলে সদায় সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে আৰু কংগ্ৰেছ বোকোচাত উঠি আগবাঢ়িছে ৷ গতিকে ৰাইজে এইবাৰ কংগ্ৰেছক উচিত শাস্তি দিব বুলিও কয় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

এই সন্মিলনতে তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰা প্ৰয়াত বিজেপি বিধায়ক ৰাজেন বৰঠাকুৰৰ ভাতৃ জিতেন বৰঠাকুৰে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে ৷ সকলো কথা ভাষণেৰে কোৱা সম্ভৱ নহয় বাবে নিজে ৰচনা কৰা এটি বিশেষ কবিতাও আবৃত্তি কৰে মন্ত্ৰী হিমন্ত বিশ্বই ৷

লগতে পঢ়ক:বিটিচিত আৰু বিপিএফৰ দাদাগিৰি নচলিব: প্ৰমোদ বড়ো

For All Latest Updates

ABOUT THE AUTHOR

...view details