ৰঙাপৰা,16 মাৰ্চ: শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সমষ্টিৰ আবৈ চেণ্টাৰত আয়োজন কৰা এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বেণুধৰ নাথৰ হৈ জিলাখনৰ বড়ো অধ্যুষিত অঞ্চলত মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলায় । সভাত মহিলাৰীয়ে কয়, হাগ্ৰামা মহিলাৰীয়ে প্ৰথমে অসমত মুখ্যমন্ত্ৰী হ'ব, তাৰ পাচতহে ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব । আজিলৈকে মইয়ে মুখ্যমন্ত্ৰী হোৱা নাই হিমন্তই কিদৰে মুখ্যমন্ত্ৰী হ'ব বুলি ধেমেলীয়া মন্তব্যৰে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷
'বিজেপিত বৰ্তমান মুখ্যমন্ত্ৰীক লৈ শীতল যুদ্ধ চলিছে । মুখ্যমন্ত্ৰীৰ পদৰ লগত যুদ্ধ কৰা দলৰ সৈতে বিপিএফ নাই । বিপিএফে কেতিয়াও অশান্তি নিবিচাৰে সদায় শান্তি বিচাৰে । ৰাজ্যৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ ভাগ্য নাই । মই যেতিয়া কম তেতিয়াহে হিমন্তই মুখ্যমন্ত্ৰী হ'ব পাৰিব' সভাত এইদৰে মন্তব্য প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷