অসম

assam

ETV Bharat / state

ভাৰতীয় ভূতত্ব জৰীপ বিভাগৰ নতুন পদক্ষেপ

ভাৰতীয় টেকটোনিক প্লেটৰ গতিবিধি পর্যবেক্ষণ কৰাৰ লগতে ভূমিকম্প সম্ভাৱনীয়তা থকা মণ্ডল সমূহ চিনাক্ত কৰি চাপৰ মানচিত্ৰ (strain map) তৈয়াৰ কৰিছে ভাৰতীয় ভূতত্ব জৰীপ বিভাগে ।

ভাৰতীয় ভূতত্ব জৰীপ বিভাগৰ নতুন পদক্ষেপ
ভাৰতীয় ভূতত্ব জৰীপ বিভাগৰ নতুন পদক্ষেপ

By

Published : Oct 13, 2020, 7:40 PM IST

তেজপুৰ, ১৩ অক্টোবৰ: আন্তঃৰাষ্ট্ৰীয় জলবায়ু নিৰ্মূল দিৱসত ভাৰতীয় ভূতত্ব জৰীপ বিভাগৰ নতুন পদক্ষেপ ৷ কেন্দ্ৰীয় সংস্থায়ে জলবায়ুৰ লগত খাপ খুৱাকৈ আৰু ইয়াৰ প্ৰতিৰোধ কৰিব পৰাকৈ কামত ব্যৱহাৰ কৰা দেশত 30 টা পেৰামিটাৰ কেন্দ্ৰ স্থাপন কৰা তথ্য প্ৰদান কৰিছে এই বিভাগটোৰ বিষয়া স্বৰূপ গাংগুলীয়ে ৷ এক বিবৃতিযোগে উল্লেখ কৰিছে যে, ভাৰতীয় টেকটোনিক প্লেটৰ গতিবিধি পর্যবেক্ষণ কৰাৰ লগতে ভূমিকম্পৰ সম্ভাৱনীয়তা থকা মণ্ডল সমূহ চিনাক্ত কৰি চাপৰ মানচিত্ৰ (strain map) তৈয়াৰ কৰাৰ উদ্দেশ্যে, ভাৰতীয় ভূতত্ব জৰীপে বিভিন্ন ঠাইত মুঠ ৩০ টা স্থায়ী জিপিএস ষ্টেচন স্থাপন কৰিছে ৷

ইতিমধ্যে, প্ৰথম পৰ্যায়ৰ অধ্যয়নৰ কাম প্ৰায় সমাপ্ত হৈছে । জিএসআইয়ে সম্ভাব্য ভূমিকম্প প্ৰৱণ অঞ্চল সমূহ মূল্যায়নৰ বাবে ছিসমিক মাইক্রো-জোনেশন আৰু সক্রিয় চ্যুতি সমূহ বিশদভাৱে অধ্যয়ন কৰি 1: 25,000 মাপত মানচিত্র প্রকাশ কৰে ৷ অধ্যয়নৰ তথ্য জিএসআই পোর্টেলযোগে অনলাইন মাধ্যমত ৰাইজৰ লগতে সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ বাবে উপলব্ধ কৰা হৈছে ৷ লগতে ভূমিস্খলনৰ আগতীয়া জাননী জাৰি কৰিব পৰা বিষয়ে আলোচনা ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷ জিএসআই য়ে LANDSLIP ৰ মাধ্যমেৰে আন্তঃৰাষ্ট্ৰীয় গৱেষণাৰ জৰিয়তে প্ৰায় ৮৫ শতাংশ মুঠ ৩.৫৭ লাখ বৰ্গ কিলোমিটাৰ ৰাষ্ট্ৰীয় ভূমিস্খলন সম্ভাৱনা থকা এলেকাত কাম সম্পন্ন কৰিছে বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক:নতুন প্ৰযুক্তিৰে চুম্বকীয় অভিযানৰ বাবে ড্ৰোননিৰ্ভৰ মানৱবিহীন আকাশী যান

ABOUT THE AUTHOR

...view details