অসম

assam

ETV Bharat / state

প্ৰতিকূল বতৰৰ বাবে পঞ্চম দিনাও নিৰুদ্দিষ্ট AN-32 বিমান উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি

প্ৰতিকূল বতৰে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি কৰিছে অৰুণাচলত নিৰুদিষ্ট হোৱা বায়ু সেনাৰ AN-32 বিমান উদ্ধাৰ অভিযানত ৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ'ৰ তথ্যই প্ৰকাশ কৰা মতে চিয়াঙৰ এক দুৰ্গম স্থানত বিশেষ সন্ধান লাভ কৰিছিল ৷

নিৰুদিষ্ট AN-32 বিমান উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি

By

Published : Jun 7, 2019, 10:04 AM IST

তেজপুৰ ,০৭ জুন :ভাৰতীয় বায়ুসেনা বাহিনীৰ সোমবাৰে যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকালৈ দৈনন্দিন অনুশীলনৰ বাবে যোৱা এন্টনোভ AN 32 মালবাহী বিমান উদ্ধাৰ কাৰ্যত প্ৰতিকূল বতৰে অসুবিধাৰ সৃষ্টি হৈছে শুকুৰবাৰে ৷ পুৱাৰ পৰা নিশালৈ তেজপুৰৰ পৰা দুখনকৈ ছুখই SU-30 MKI যুদ্ধ বিমানৰ লগতে এখন C-130J বিমানেৰে অনুসন্ধান অভিযান অব্যাহত ৰাখিছিল ৷

আনহাতে আজি চাৰিখন MI-17 আৰু সেনাবাহিনীৰ UAV য়ে পুৱাৰ ভাগত অভিযান আৰম্ভ কৰাৰ পিছত প্ৰতিকূল বতৰৰ বাবে অভিযান বন্ধ ৰাখিবলগীয়া হৈছে ৷ প্ৰচণ্ড বৰষুণৰ ফলত স্থল পথেৰে চলোৱা অভিযানতো অসুবিধাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী দলটো ৷

নিৰুদিষ্ট AN-32 বিমান উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি

যোৱা সোমবাৰে ভাৰতীয় বায়ু সেনাৰ এই AN -32 বিমান খনে যোৰহাটৰ পৰা ভাৰত চীন সীমান্ত অৰুণাচল প্ৰদেশৰ পূব দিশে মেচুকালৈ মুঠ ১৩ জনকৈ বায়ুসেনাৰ বিষয়াৰ সৈতে দৈনন্দিন অনুশীলনৰ বাবে গৈছিল আৰু দিনৰ ১২ বাজি ২৫ মিনিটত যোৰহাট বায়ুসেনা বাহিনীৰ পৰা উৰা মৰাৰ ৩৫ মিনিট পিচতেই অৰ্থাৎ প্ৰায় 1 বজাত এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ পৰা সংযোগ বিচিন্ন হৈছিল বিমানখন ৷

উল্লেখ যোগ্য যে, ইচৰ’ৰ নৌ বিভাগৰ উন্নত জাহাজে আহৰণ কৰা তথ্য অনুসৰি চিয়াঙৰ এক দূৰ্গম স্থানত বিমানখনৰ সন্ধান পোৱা বুলি বায়ুসেনাক অৱগত কৰিছিল ৷ সেই তথ্য ভিত্তিতে অভিযান তীব্ৰতৰ কৰি তুলিছে উদ্ধাৰকাৰী দলে ৷ অৱশ্যে বতৰ ফৰকাল হলে নৌবিভাগৰ P8 i জাহাজেৰে পুনৰ ব্যৱহাৰ কৰা হ’ব বুলি প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে জনাবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details