অসম

assam

ETV Bharat / state

তেজপুৰত আছুৰ নেতৃত্বত মানৱ শৃংখল প্ৰদৰ্শন

নাগৰিকত্ব সংশোধনী আইন আৰু কেন্দ্ৰীয় চৰকাৰৰ নতুন উদ্য়োগ নীতি বাতিলৰ দাবীত তেজপুৰত জিলা আছুৰ নেতৃত্বত সাব্যস্ত কৰা হৈছে প্ৰতিবাদ ৷ আছুৰ কৰ্মকৰ্তাসকলে পথ অৱৰোধ কৰি মানৱ শৃংখল প্ৰদৰ্শন কৰি সাব্য়স্ত কৰে এই প্ৰতিবাদ ৷

Demonstration of human chain led by aasu in Tezpur sonitpur assam etv bharat news
আছুৰ নেতৃত্বত মানৱ শৃংখল

By

Published : Aug 10, 2020, 1:29 PM IST

তেজপুৰ,১০ আগষ্ট:পুনৰ ৰাজ্যত আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ সোমবাৰে তেজপুৰত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত প্ৰদৰ্শন কৰা হৈছে মানৱ শৃংখল ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আৰু কেন্দ্ৰীয় চৰকাৰৰ নতুন উদ্যোগ নীতিৰ বিৰোধিতাৰে এই প্ৰতিবাদী মানৱ শৃংখল প্ৰদৰ্শন কৰে শোণিতপুৰ জিলা আছুৰ কৰ্মকৰ্তাসকলে ৷

আছুৰ নেতৃত্বত মানৱ শৃংখল

কাৰ্যসূচী অনুসৰি তেজপুৰৰ মিছন চাৰিআলিত পথ অৱৰোধ কৰি আছুই সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ উক্ত প্ৰতিবাদৰ সময়ছোৱাত পথ অৱৰোধ কৰা বাবে চহৰখনৰ সদাব্যস্ত মূলপথৰ উপৰিও 15 আৰু ৩৭(এ)নং ৰাষ্ট্ৰীয় ঘাইপথ দুটাৰ লগতে আন বহুকেইটা পথত যান-বাহন আবদ্ধ হৈ স্তব্ধ হৈ পৰে যাতায়াত ব্যৱস্থা ৷

লগতে চাওকঃযোৰহাট অগ্নিকাণ্ডৰ বুজ ল'লে হিতেন্দ্ৰ নাথ গোস্বামীয়ে

ABOUT THE AUTHOR

...view details