অসম

assam

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম মোডী আৰু বিজেপিৰ জেপত: প্ৰদ্যুৎ বৰদলৈ

By

Published : Feb 28, 2021, 2:14 PM IST

Updated : Mar 2, 2021, 12:18 PM IST

শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত একজিট প’লত অসমত পুনৰ বিজেপিৰ চৰকাৰ হ’ব বুলি সমীক্ষাত প্ৰকাশ পোৱাত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে, ৰাষ্ট্ৰীয় সংবাদ মাধ্যম মোডী আৰু বিজেপিৰ জেপত সোমাই আছে ৷

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম মোডী আৰু বিজেপিৰ জেপতঃ প্ৰদ্যুৎ বৰদলৈ
ৰাষ্ট্ৰীয় সংবাদ মাধ্যম মোডী আৰু বিজেপিৰ জেপতঃ প্ৰদ্যুৎ বৰদলৈ

তেজপুৰ,28 ফেব্ৰুৱাৰীঃ দুৰ্গতিনাশিনী দুৰ্গাই যি দৰে মহিষাসুৰক বধ কৰিবলৈ সকলো দেৱতাৰ সহায় লৈছিল, সেইদৰে কংগ্ৰেছে সকলোকে লগত লৈ আগুৱাই যাব । উল্লেখযোগ্য যে, 2 মাৰ্চত অসমলৈ আহিব কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৷ সেই উদ্দেশ্যে দেওবাৰে তেজপুৰৰ সভাস্থলীৰ পৰিস্থিতিৰ বুজ ল’বলৈ আহি এইদৰে মন্তব্য কৰে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম মোডী আৰু বিজেপিৰ জেপতঃ প্ৰদ্যুৎ বৰদলৈ

একেদৰে শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত একজিট প’লত অসমত পুনৰ বিজেপিৰ চৰকাৰ হ’ব বুলি সমীক্ষাত প্ৰকাশ পোৱাত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে, ৰাষ্ট্ৰীয় সংবাদ মাধ্যম মোডী আৰু বিজেপিৰ জেপত সোমাই আছে ৷ কংগ্ৰেছৰ মনোবল ভাঙিবলৈ বিজেপিয়ে এইদৰে সমীক্ষা উলিয়াইছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বৰদলৈয়ে ৷

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম মোডী আৰু বিজেপিৰ জেপত: প্ৰদ্যুৎ বৰদলৈ

উল্লেখযোগ্য যে, অসমত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অৱৰ্তমানত কংগ্ৰেছত নেতৃত্বৰ অভাৱ ঘটাৰ বিষয়ে চৰ্চা চলি থকা সময়তে সাংসদ গৰাকীয়ে পুনৰ কয় অসমত কংগ্ৰেছৰ নেতৃত্বত অভাৱ ঘটা নাই ৷ আগন্তুক বিৰ্ধানসভা নিৰ্বাচনত কংগ্ৰেছে জয় লাভ কৰি চৰকাৰ গঠন কৰিব ।

লগতে পঢ়কঃ শংকৰ-আজানৰ মিলনভূমিত পৰিণত মৰিগাঁৱৰ দন্দুৱা

Last Updated : Mar 2, 2021, 12:18 PM IST

ABOUT THE AUTHOR

...view details