"বন বিভাগত ধন আত্মসাৎ"- দিলীপ নাথ
বনবিভাগৰ কেম্পা আঁচনিৰ ধন আত্মসাতৰ অভিযোগ অৰণ্য সুৰক্ষা সমিতিৰ অসমৰ কৰ্মী দিলীপ নাথৰ ৷ শুকুৰবাৰে এক সংবাদমেল পাতি বৰ্তমানৰ প্ৰধান মুখ্য বন সংৰক্ষক ও বন মুৰব্বী এ এম সিং জড়িত থকাৰো এক অভিযোগ তুলে দিলীপ নাথে ৷
তেজপুৰ,২৬এপ্ৰিল: বন বিভাগত কেম্পা আঁচনিৰ নামত ১৮৪ কোটি টকা লুন্ঠনৰ অভিযোগ অৰণ্য সুৰক্ষা সমিতিৰ অসমৰ কৰ্মী দিলীপ নাথৰ । শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে নাথে ৷ ইপিনে প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইন আৰু প্ৰমীলা ৰানী ব্ৰহ্মৰ কাৰ্যকালত ক্ৰয় কৰা দ্ৰোণ বৰ্তমান চোৰাং চিকাৰীৰ গতিবিধি লক্ষ্য কৰাৰ বিপৰীতে মৃত্যু হোৱা গড় চাবলৈ হে ব্যৱহাৰ কৰে বুলি অভিযোগ তুলে দিলীপ নাথে ৷ ইপিনে বনাঞ্চলত নাৰ্চাৰী কোনো কাৰণতে পাতিব নোৱাৰাৰ বিপৰীতে তিনিচুকীয়া বন্যপ্ৰাণী সংমণ্ডলত ১১,৩৫০০০ টকা নাৰ্চাৰী পতাৰ নামত খৰচ কৰি এক ব্যাপক ধনৰ আত্মসাৎ কৰিছে বুলিও অভিযোগ তুলে অৰণ্য সুৰক্ষাকৰ্মীগৰাকীয়ে ৷ এই সকলোৰে আঁৰত বৰ্তমানৰ প্ৰধান মুখ্য বন সংৰক্ষক ও বন মুৰব্বী এ এম সিং জড়িত থকাৰো এক অভিযোগ তুলি সমগ্ৰ ঘটনাৰ ওপৰত এক তদন্তৰ দাবী জনায় ৷