অসম

assam

ETV Bharat / state

ধন আত্মসাৎ কৰাক লৈ তেজপুৰত মহিলাৰ দুই ফৈদৰ মাজত সংঘাত

তেজপুৰ সদৰ থানা চৌহদত দুই মহিলা গোটৰ মাজত তৰ্কযুদ্ধ । উজ্জীৱন ফাইনেন্স কোম্পানীত কৰ্মৰত এগৰাকীৰ যুৱতীৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে ৰঙাপৰাৰ একাংশ মহিলা। যুৱতীগৰাকীয়ে মহিলাসকলৰ বেংক একাউণ্টৰ জৰিয়তে বেংকৰ পৰা ঋণ লোৱাৰ অভিযোগ তুলিছে ক্ষুদ্ধ মহিলাসকলে ।

তেজপুৰ সদৰ থানা চৌহদত দুই মহিলা গোটৰ মাজত তৰ্কযুদ্ধ
তেজপুৰ সদৰ থানা চৌহদত দুই মহিলা গোটৰ মাজত তৰ্কযুদ্ধ

By

Published : Nov 25, 2020, 9:05 PM IST

তেজপুৰ, ২৫ নৱেম্বৰ: বুধবাৰে হঠাতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তেজপুৰ সদৰ থানা চৌহদত । এগৰাকী যুৱতীয়ে শোণিতপুৰৰ ৰঙাপৰা নামগাঁও অঞ্চলৰ পৰা কৌশলেৰে ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে শোণিতপুৰৰ ৰঙাপৰা নামগাঁও অঞ্চলৰ একাংশ মহিলাই । উজ্জীৱন ফাইনেন্স কোম্পানীত কৰ্মৰত সুনীতা ৰয় নামৰ এগৰাকীৰ যুৱতীৰ বিৰুদ্ধে সদৰ থানাত গোচৰ ৰুজু কৰাৰ পিছতে যুৱতীগৰাকী আৰু তেওঁৰ মাতৃৰে বাক-বিতণ্ডাৰ সৃষ্টি হয় মহিলাসকলৰ ।

তেজপুৰ সদৰ থানা চৌহদত দুই মহিলা গোটৰ মাজত তৰ্কযুদ্ধ

নামগাঁও অঞ্চলৰ মহিলাসকলে অভিযোগ তুলিছে যে, চৰকাৰী সাহাৰ্য প্ৰদানৰ নামত বেংকৰ একাউন্ট নম্বৰ, ভোটাৰ পৰিচয় কাৰ্ড, আধাৰ কাৰ্ড আদি মহিলাসকলৰ পৰা সংগ্ৰহ কৰিছিল সুনীতা ৰয়ে । ইয়াৰ পিছত প্ৰতিগৰাকী মহিলাৰ নামত ২৮ হাজাৰ টকাকৈ বেংকৰ পৰা ঋণ আবণ্টন কৰে আৰু সেই ধন সুনীতাই কৌশলৰে সংগ্ৰহ কৰে । মহিলাসকলৰ মতে বেংকলৈ গৈ খবৰ কৰাতহে সমগ্ৰ ঘটনাৰ বিষয়ে গম পায় । পিছত আটছাৰ সৈতে যোগাযোগ কৰাত ধন আত্মসাৎ কৰা যুৱতীগৰাকীৰ বিৰুদ্ধে আটছাৰ সহযোগত তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰে মহিলাসকলে ৷

আনহাতে, এই ঘটনাক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত থানা চৌহদতে তৰ্কযুদ্ধ হয় ৷ সুনীতা ৰয়ৰ মাতৃ মিনু ৰয়ে ভুক্তভোগী মহিলাসকলক নানা ধৰণৰ ভাবুকি দিয়ে৷ মহিলাসকলেও ধন আদায় দিবলৈ কয় । কিন্তু সুনীতা ৰয়ে এই ঘটনাৰ বাবে আন এজন লোককহে দোষাৰোপ কৰে । আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত সত্য । উল্লেখ্য যে, দৰিদ্ৰ জনসাধাৰণক চৰকাৰী আঁচনিৰ ধন দিয়াৰ নামত একাংশ মধ্যভোগীয়ে লুণ্ঠন চলাই আহিছে ৷ আদিবাসী সহজ সৰল নিৰক্ষৰ মহিলাক লক্ষ্য কৰি লৈ উজ্জীৱন নামৰ ফাইনেন্স কোম্পানীটোৰ নামত সুনীতা ৰয়ে লুণ্ঠন চলোৱাৰ অভিযোগ তুলিছে নামগাঁও অঞ্চলৰ মহিলাসকলে ।

লগতে পঢ়ক:চৰকাৰী বাসগৃহত উপস্থিত হৈ গগৈৰ পৰিয়ালক সান্ত্বনা ৰাহুল গান্ধীৰ

ABOUT THE AUTHOR

...view details