তেজপুৰ,14 চেপ্তেম্বৰঃ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডৱে পশ্চিম কামেঙৰ ৰোপাত ডিকচো গাঁৱত শুভ উদ্ধোধন কৰে ২৪ মেগা ৱাটৰ ডিকচো Hydro Electric Power প্ৰকল্প ৷ ৰাজ্যখনৰ এইটো প্ৰথমটো ব্যক্তিগত খন্দই নিৰ্মাণ কৰা Hydro Electric Power প্ৰকল্প ৷
অৰুণাচলৰ ডিকচোত উদ্ধোধন Hydro Electric Power প্ৰকল্প
ৰাজ্য চৰকাৰে ইতিমধ্যে 22 টা এনে ধৰণৰ সৰু সৰু প্ৰকল্প নিৰ্মাণৰ বাবে কাম হাতত লৈছে ৷ ব্যক্তিগত খণ্ডক দিয়া এই কাম সমূহ যদি সময় মতে সম্পূৰ্ণ হৈ নুঠে তেতিয়া ৰাজ্য চৰকাৰে সেই সমূহ ব্যক্তিগত খণ্ডৰ অনুমোদন আৰু অনুজ্ঞাপত্ৰ বাতিল কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে
আনহাতে, মুখ্যমন্ত্ৰী গৰাকীয়ে নিজে 2016 চনত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল বুলি মন্তব্য কৰে ৷ লগতে সম্পূৰ্ণ ৪ বছৰত এই প্ৰকল্প হৈ উঠাৰ বাবে ডেৱি উদ্যোগৰ ভূয়সী প্ৰশংসা কৰে খাণ্ডৱে ৷ অৰুণাচল প্ৰদেশ হৈছে শক্তি উৎপন্নৰ ঠাই আৰু শক্তিহে ৰাজ্যৰ প্ৰধান আহিলা ৷ ৰাজ্য চৰকাৰে ইতিমধ্যে 22 টা এনে ধৰণৰ সৰু সৰু প্ৰকল্প নিৰ্মাণৰ বাবে কাম হাতত লৈছে ৷ ব্যক্তিগত খণ্ডক দিয়া এই কাম সমূহ যদি সময় মতে সম্পূৰ্ণ হৈ নুঠে তেতিয়া ৰাজ্য চৰকাৰে সেই সমূহ ব্যক্তিগত খণ্ডৰ অনুমোদন আৰু অনুজ্ঞাপত্ৰ বাতিল কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ উদ্ধোধনী অনুষ্ঠানত উপ মুখ্যমন্ত্ৰী চাউনা মেন, স্থানীয় বিধায়ক আৰু প্ৰকল্পৰ কৰ্মকৰ্তাকে ধৰি বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷