চতিয়া, ৮ নৱেম্বৰ :শোণিতপুৰ জিলাৰ জামুগুৰিহাটত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ৷ সতীৰ্থই হত্যা কৰিলে এগৰাকী টাইলছ মিস্ত্ৰীক ৷ ঘটনাৰ বিৱৰণী অনুসৰি, জামুগুৰিহাটৰ মাজগাঁৱলৈ আহিছিল ধুবুৰীৰ ফকীৰগঞ্জৰ আমিৰুল ইছলাম নামৰ এগৰাকী 30 বছৰীয়া ব্যক্তি ৷ আমিৰুলৰ সৈতে একেলগে আছিল ইছপ আলী, মকৰম আলী আৰু আব্দুল মটালিফ নামৰ আন তিনিগৰাকী ব্যক্তি ৷
বিগত 2 নৱেম্বৰত আমিৰুলৰ সৈতে আন তিনিগৰাকী মিস্ত্ৰীৰ কিবা কাৰণত মতানৈক্য ঘটে ৷ এই মতানৈক্যই চূড়ান্ত পৰ্যায় লাভ কৰাত মৃত্যুক আঁকোৱালি ল’বলগীয়া হয় আমিৰুলে ৷ বিগত প্ৰায় এসপ্তাহ পূৰ্বে সংঘটিত এই হত্যাকাণ্ডৰ কথা দেওবাৰে নিশাহে পোহৰলৈ আহে ৷
প্ৰকৃততে সতীৰ্থ তিনিগৰাকীয়ে আমিৰুলক হত্যা কৰি মৃতদেহটো সমীপৰে এটা পুখুৰীৰ মেটেকাৰ তলত লুকুৱাই থয় ৷ তাৰ পিছত তিনিও গৰাকীয়ে আমিৰুল সন্ধানহীন হোৱাৰ অভিনয় কৰি জামুগুৰি থানাত দাখিল কৰে এজাহাৰ ৷