আমগুৰি,2 এপ্ৰিলঃআমগুৰিৰ ম’ৰা বজাৰ চাৰিআলিৰ 10জনকৈ ব্যক্তিক কৰ’ণা ভাইৰাছৰ পৰীক্ষাৰ বাবে তেজৰ নমুনা সংগ্ৰহৰ বাবে বৃহস্পতিবাৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পাছতে অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ উল্লেখ্য যে, অসমত কৰ'ণাত আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ পিছত ম’ৰা বজাৰৰ কেইবাজনো লোকে নিজামুদ্দিনৰ মৰ্কজত অংশগ্ৰহণ কৰিবলৈ যোৱাক লৈ বিভিন্ন মাধ্যমত ব্যাপক চৰ্চা হৈ থকাৰ পৰিপ্ৰেক্ষিতত কেইজনমান সচেতন যুৱক আৰু স্থানীয় গাঁৱৰক্ষী বাহিনীৰ লোকে এই ব্যক্তিকেইজনক চিনাক্ত কৰি চিকিৎসালয়লৈ নিয়ে ৷ আনহাতে, ব্যক্তি কেইজনে নিজামুদ্দিনৰ মৰ্কজলৈ যোৱাৰ কথা অস্বীকাৰ কৰাৰ লগতে নগাঁও, মৰিগাঁও, শুকুৰাজান আৰু বোকাজানলৈ ধৰ্মীয় কামত যোৱা বুলি প্ৰকাশ কৰিছে ৷ উক্ত ঘটনাৰ পিছত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ আতংকই বিৰাজ কৰিছে ।
আমগুৰিৰ ম’ৰাবজাৰত কৰ’ণাৰ আতংক
আমগুৰিৰ ম'ৰাবজাৰত বিৰাজ কৰিছে কৰ'ণা আতংকই । ১০ জন লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰি কৰ'ণা ভাইৰাছৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।
আমগুৰিৰ ম’ৰাবজাৰত কৰ’ণাৰ আতংক
আনহাতে, টেপৰ গাঁওৰ দুজন ব্যক্তি দিল্লীলৈ যোৱাৰ বিপৰীতে লালিম ছিগাৰ এগৰাকী মহিলাই ধুবুৰীত শিক্ষয়িত্ৰীৰ চাকৰি কৰিছিল । ইয়াৰে দুগৰাকী ব্যক্তি কাহ আৰু চৰ্দিত আক্ৰান্ত হোৱাৰ লগতে আন এগৰাকীয়ে চৰ্দি আৰু উশাহ লোৱাত কষ্ট হোৱা বুলি প্ৰকাশ কৰে । চিকিৎসকে ইতিমধ্যে ১০ জনকৈ ব্যক্তিৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷
লগতে চাওকঃএটকাত উদৰ পূৰাই খাওক এসাজ ভাত !