অসম

assam

ETV Bharat / state

নিজৰ লগতে আনকো স্বনিৰ্ভৰশীলতাৰ পথ দেখুওৱা এগৰাকী মহিলা

কেক প্ৰস্তুত কৰাৰ লগতে কেক প্ৰস্তুতৰ প্ৰশিক্ষণ প্ৰদান কৰি নিজৰ লগতে শতাধিক মহিলা-যুৱতীৰ স্বনিৰ্ভৰশীলতাৰ পথ প্ৰশস্ত কৰিছে বকতা নপাম গোঁহাই গাঁৱৰ বিদিশা চেতিয়া ফুকন নামৰ মহিলাগৰাকীয়ে ৷

স্বনিৰ্ভৰশীলতাৰ পথ
স্বনিৰ্ভৰশীলতাৰ পথ

By

Published : Oct 14, 2020, 12:58 PM IST

নাজিৰা, 14 অক্টোবৰ: কেক প্ৰস্তুতৰ প্ৰশিক্ষণ প্ৰদান কৰি শতাধিক মহিলা-যুৱতীক আত্মনিৰ্ভৰশীলতাৰ পথ দেখুৱাইছে বকতাৰ এগৰাকী মহিলাই ৷ আধুনিক পদ্ধতিৰে নিজ ঘৰতে থাকি কেক প্ৰস্তুতৰ প্ৰশিক্ষণ প্ৰদান কৰিছে বকতা নপাম গোঁহাই গাঁৱৰ বিদিশা চেতিয়া ফুকন নামৰ মহিলা গৰাকীয়ে ৷ ইতিমধ্যে বিদিশা চেতিয়া ফুকনে নাজিৰাকে ধৰি শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত কেক প্ৰস্তুতৰ প্ৰশিক্ষণ প্ৰদান কৰি শতাধিক মহিলা-যুৱতীক স্বাৱলম্বীতাৰ পথ প্ৰদৰ্শন কৰিছে ৷ খুব কম খৰচতে আধুনিক বিভিন্ন আকৃতিৰ সুস্বাদু কেকৰ প্ৰশিক্ষণ প্ৰদান কৰা মহিলাগৰাকীয়ে,উন্নতমানৰ বেকাৰীত বিক্ৰী হোৱা কেকৰ সৈতে ফেৰ মাৰিব পৰাকৈ প্ৰশিক্ষণ প্ৰদান কৰিছে একাংশক ৷

নিজৰ লগতে আনকো স্বনিৰ্ভৰশীলতাৰ পথ দেখুওৱা এগৰাকী মহিলা

বিদিশা চেতিয়া ফুকনৰ লগতে কেক প্ৰস্তুতৰ প্ৰশিক্ষণত সহায়ৰ হাত আগবঢ়াই আহিছে জ্যোতিমা বুঢ়াগোঁহাই নামৰ মহিলা এগৰাকীয়েও ৷ যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা প্ৰশিক্ষণ প্ৰদান কৰা প্ৰতিগৰাকী মহিলা-যুৱতীয়ে সম্প্ৰতি নিজ ঘৰখনক এটি ক্ষুদ্ৰ উদ্যোগলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক:চৰকাৰে প্ৰতিবন্ধী সকলক মাহী আইৰ দৃষ্টিৰে চাইছেঃ নৃপেন মালাকাৰ

ABOUT THE AUTHOR

...view details