অসম

assam

ETV Bharat / state

শিৱসাগৰত নৃশংস হত্যাকাণ্ড সংঘটিত

ভাৰতীয় খাদ্য নিগমৰ চাউল কঢ়িওৱা ট্ৰাকক চালকক নৃশংস ভাৱে হত্যা কৰে কোনো দুৰ্বৃত্তই ৷ স্কু’ ডাইভাৰে হানি খুচি হত্যা ট্ৰাক চালক ইনামুল হুছেইনক হত্যা কৰাৰ সন্দেহ একাংশৰ। জানিব পৰা মতে,বলিয়াঘাটৰ নিৱাসী ইনামূল হুছেইনে মঙলবাৰে নিশা দক্ষিণা মাহমৰাত চাউল নমাই থৈ ওভতি অহাৰ পথত দিচাং ৰজাবাৰীত নিশা প্ৰায় এঘাৰ বজাত সংঘটিত হয় এই হত্যাকাণ্ডটো ৷

By

Published : Feb 3, 2021, 1:52 PM IST

শিৱসাগৰত নৃশংস হত্যাকাণ্ড সংঘটিত
শিৱসাগৰত নৃশংস হত্যাকাণ্ড সংঘটিত

শিৱসাগৰ,3 ফেব্ৰুৱাৰীঃ শিৱসাগৰত মঙলবাৰে নিশা এক চঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয় ৷ শিৱসাগৰৰ দিচাং ৰজাবাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ডটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ ভাৰতীয় খাদ্য নিগমৰ চাউল কঢ়িওৱা ট্ৰাকক চালকক নৃশংসভাৱে ভাৱে হত্যা কৰে কোনো দুৰ্বৃত্তই ৷ স্কু’ ডাইভাৰেৰে হানি খুচি হত্যা ট্ৰাক চালক ইনামুল হুছেইনক হত্যা কৰাৰ সন্দেহ একাংশৰ। জানিব পৰা মতে বলিয়াঘাটৰ নিৱাসী ইনামূল হুছেইনে মঙলবাৰে নিশা দক্ষিণা মাহমৰাত চাউল নমাই থৈ ওভতি অহাৰ পথত দিচাং ৰজাবাৰীত নিশা প্ৰায় এঘাৰ বজাত সংঘটিত হয় এই হত্যাকাণ্ডটো ৷

শিৱসাগৰত নৃশংস হত্যাকাণ্ড সংঘটিত
সম্প্ৰতি পৰিয়ালৰ লোকে শিৱসাগৰ সদৰ থানাত ললিত,হৰিকান্ত,পাপু,লাহনৰ নাম উল্লেখ কৰি দাখিল কৰিছে এখন এজাহাৰ । আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুৰ্ভগীয়া ইনামুলে চলোৱা এ-এচ-০১-এচি-১৬০৬ নম্বৰৰ খালি ট্ৰাকখন উদ্ধাৰ কৰাৰ লগতে এজন হত্যাকাৰীয়ে ব্যৱহাৰ কৰা এ-এচ-০১-এচ-৯৯৮৪ নম্বৰৰ ট্ৰাকখনো জব্দ কৰিছে ৷ সম্প্ৰতি এই ঘটনাই সমগ্ৰ জিলাখনতেই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷

আনহাতে ইনামুলৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ একেদৰে পত্নী চালমা বেগমে সংবাদ মাধ্যমৰ সন্মুখত ঘটনাৰ সৰ্ন্দভত উত্থাপন কৰিছে বহু বিস্ফোৰক অভিযোগ ৷

লগতে পঢ়কঃ ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়লৈ বিশেষ সন্মান

ABOUT THE AUTHOR

...view details