অসম

assam

ETV Bharat / state

জনজাতিকৰণৰ দাবীত সৰৱ মটক ছাত্ৰ সন্থা

মটক ছাত্ৰ সন্থাই মঙলবাৰে শিৱসাগৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে । সন্থাটোৱে অসমৰ বহুকেইটা জ্বলন্ত সমস্যা উত্থাপন কৰি চৰকাৰক প্ৰত্যাহ্বান জনাই যেতিয়ালৈকে এই সমস্যাসমূহ সমাধান নকৰে তেতিয়ালৈ মটক ছাত্ৰ সন্থাই শান্তিৰে নবহাৰ হুংকাৰ প্ৰদান কৰে ।

Pressmeet of matak student union sivsagar assam etv bharat news
মটক ছাত্ৰ সন্থাৰ সংবাদমেল সম্বোধন

By

Published : Aug 26, 2020, 9:46 PM IST

শিৱসাগৰ,26 আগষ্ট:সদৌ শিৱসাগৰ জিলা মটক ছাত্ৰ সন্থাই মঙলবাৰে শিৱসাগৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে । সন্থাটোৱে অসমৰ বহুকেইটা জ্বলন্ত সমস্যা উত্থাপন কৰি চৰকাৰক প্ৰত্যাহ্বান জনাই যেতিয়ালৈকে এই সমস্যাসমূহ সমাধান নকৰে তেতিয়ালৈ মটক ছাত্ৰ সন্থাই শান্তিৰে নবহাৰ হুংকাৰ প্ৰদান কৰে । বিশেষকৈ জনজাতিকৰণৰ বিষয়টো উত্থাপন কৰি সন্থাৰ নেতৃত্বই কয় যে, মটকসকলক চৰকাৰে যদি স্বায়ত্ব শাসন প্ৰদানৰ মাজেৰে টোপ দিয়াৰ চেষ্টা কৰে, তেন্তে সেয়া গ্ৰহণ কৰা নহ’ব । স্বায়ত্ব শাসন মটকসকলৰ এক প্ৰাপ্য ৷

মটক ছাত্ৰ সন্থাৰ সংবাদমেল সম্বোধন

জনজাতিকৰণৰ ওপৰিও কৃষক নেতা অখিল গগৈৰ মুক্তি, পৰিৱেশ ধ্বংসকাৰী খচৰা EIA 2020 বাতিল, নিবনুৱা সমস্যা সমাধান, মূল্যবৃদ্ধি ৰোধ আদি বিষয়সমূহ উত্থাপন কৰি ইয়াৰ সমাধানৰ দাবী উত্থাপন কৰে । নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত স্থিতি প্ৰকাশ কৰি মটক ছাত্ৰ সন্থাই আৰম্ভণিৰে পৰা এই জাতিধ্বংসী আইন বিৰোধ কৰি অহাৰ লগতে এয়া বাতিলৰ দাবীত অৰ্ধ উলংগ প্ৰতিবাদৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰি আহিছে মটক ছাত্ৰ সন্থাই । এনেস্থলত কা বিৰোধী স্থিতি চলাই নিব বুলি মটক ছাত্ৰ সন্থাই স্পষ্ট কৰি দিছে চৰকাৰক ।

লগতে চাওকঃন ৰূপেৰে উজলি উঠিছে ভোলাগুৰিৰ চিত্ৰবন ষ্টুডিঅ’...

ABOUT THE AUTHOR

...view details