আমগুৰি,২১ জানুৱাৰী: আমগুৰিৰ জৰাবাৰীত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে অইল কৰ্তৃপক্ষ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিশেষ পদক্ষেপ ৷ বুধবাৰে অইল কৰ্তৃপক্ষই অইলৰ মকড্ৰিলৰ জৰিয়তে অগ্নিকাণ্ডত ল'বলগীয়া সাৱধানতা সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে ৷ এখন বাটৰ নাটৰ জৰিয়তে নাটকীয় ভাৱে অইলৰ পাইপ লাইনত জুই লগাই কেনেদৰে ইয়াক নিৰ্বাপন কৰিব পাৰি আৰু কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাক সুন্দৰ ভাৱে উপস্থাপন কৰে ৷
মকড্ৰিলৰ জৰিয়তে সজাগতা সৃষ্টিৰ প্ৰয়াস অইল কৰ্তৃপক্ষৰ
বাটৰ নাটৰ জৰিয়তে জৰাবাৰীত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে অইল কৰ্তৃপক্ষ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৷
মকড্ৰিলৰ জৰিয়তে সজাগতা সৃষ্টিৰ প্ৰয়াস অইল কৰ্তৃপক্ষৰ
উল্লেখ্য যে, অইল ইণ্ডিয়া লিমিটেড যোৰহাট পাম্প ষ্টেচনৰ তৰফৰপৰা দুৰ্যোগ ব্যৱস্থাপনা, শিৱসাগৰ জিলা প্ৰশাসন, দুলীয়াজানস্থিত ফায়াৰ ডিপাৰ্টমেন্ট, এনডিআৰএফ, এচডিআৰএফ, আমগুৰি থানাৰ সহযোগত অইল ইণ্ডিয়া লিমিটেডে এই কাৰ্যসূচী গ্ৰহণ কৰে।
লগতে পঢ়ক:মৰিগাঁও বিহুতলীত আশা কৰ্মীৰ প্ৰতিবাদ