আমগুৰি, 26 আগষ্ট:জয়ন্ত মল্ল বৰুৱাক ফুকলীয়া ল'ৰা বুলিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোঁহাইৰ প্ৰসংগ টানি আনি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে জয়ন্ত মল্ল বৰুৱাক ফুকলীয়া ল'ৰা বুলি অভিহিত কৰে । আমগুৰিত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আৰম্ভ কৰিছে ব্যাপক প্ৰচাৰ অভিযান । আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিধায়ক অখিল গগৈয়ে গাঁৱে গাঁৱে ৰাইজৰ মাজলৈ গৈ আৰম্ভ কৰিছে প্ৰচাৰ অভিযান ।
অভিযানকালত ন-বিজেপিসকলৰ প্ৰতি আক্ৰমণাত্মক হৈ হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলটোক টেক অভাৰ কৰি লোৱা বুলি কয় । কোম্পানীয়ে ইটোৱে-সিটোক কিনি লোৱাৰ দৰে হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলটোকে টেক অভাৰ কৰি ল'লে বুলিও কয় বিধায়কগৰাকীয়ে । বিজেপি দলৰ অসমৰ নাম HBS Company Private limited বুলিও কয় শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে ৷ এই কোম্পানীটোৱে সকলোৰে অধিকাৰ কাঢ়ি লৈছে বুলিও কয় ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে ।
অসমত কোনো বিধায়কৰ কোনো কাম নাই, বিজেপিৰ পুৰণি কৰ্মীসকলৰো কোনো কাম নাইকীয়া হ'ল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৰাইজৰ দলৰ বিধায়কগৰাকীয়ে । যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈক খেদিবৰ বাবেও ন-বিজেপিসকলে যত্ন কৰিছিল বুলি গুৰুতৰ অভিযোগ তোলে । ইয়াৰ লগতে, বিজেপি দ'লৰ ভিতৰচ'ৰাত বিসম্বাদ হোৱাটো খাটাং বুলি কয় অখিল গগৈয়ে ।